সকলােৱে সজাগতাৰে নিজ নিজ কর্তব্য পালন কৰক

ডাঃ হিতেশ বৰুৱা

unnamed 1

বিগত দুটা বছৰ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে সমগ্র বিশ্বৰ লগতে অসমৰ স্বাস্থ্যখণ্ডতাে বিশেষ প্ৰভাৱ পৰিছে। এই ৰােগৰ ভয়াৱহ পৰিস্থিতিৰ বাবেই বিগত সময়ছােৱাত শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে যদিও নতুন বৰ্ষত সকলােৱে এই ৰােগৰ স’তে সহাৱস্থান কৰিয়ে কার্যক্ষেত্ৰত আগবাঢ়িব বুলি আশা কৰিছাে।

নহ’লে আৰু এটা বছৰ আমি কর্মক্ষেত্ৰত পিছুৱাই যাব লাগিব। সকলােৱে সজাগতাৰ মাজেৰে নিজ নিজ কার্য সম্পাদন কৰিলে নিশ্চয় সাফল্য অর্জন কৰাটো সম্ভৱ হ’ব। বিগত দুবছৰে যিখিনি কাম কৰিব নােৱাৰিলাে সেইখিনি কামৰ কথা ভাবি সময় অতিবাহিত কৰাতকৈ নতুন বছৰত ন ন সংকল্পৰে আগুৱাই যােৱাহে উচিত।

কৰ’নাৰ নতুন প্রজাতি সমগ্র বিশ্বতে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে। যদিও আমি নতুন বছৰত ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ নতুন সংকল্প গ্রহণ কৰিব লাগিব।

হেৰুওৱাখিনিৰ কথা ভাবি থকাতকৈ ইতিবাচক মনােভাবেৰে আগুৱাই যােৱাৰ বিষয়েহে ভাবিব লাগিব। ক’ভিডে আমাক কেৱল শংকিত কৰা নাই, সমান্তৰালভাৱে মানসিকভাৱে সুদৃঢ় কৰি আগবাঢ়ি যাবলৈও পৰােক্ষভাৱে শক্তি যােগাইছে।

যদিও আমি সকলােৱে ক’ভিডক লৈ চর্চা কৰিছাে তথাপি কৰ্কট ৰােগত মৃত্যু হােৱা লােকৰ সংখ্যাও কম নহ’ব। অসমত কৰ্কট ৰােগৰ চিকিৎসা আৰম্ভ হৈছে যদিও সেয়া পর্যাপ্ত বুলি ক’ব নােৱাৰি।

সেয়েহে নতুন বছৰত নেমকেয়াৰ হাস্পতাল চৌহদত এখন বিশ্বমানৰ সা-সুবিধাযুক্ত কৰ্কট ৰােগৰ চিকিৎসালয় প্রতিষ্ঠাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছাে। অসমতাে যাতে সকলাে কৰ্কট ৰােগীয়ে উন্নত মানৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে যৎপৰােনাস্তি চেষ্টা চলাম।

Exit mobile version