হত্যা-হিংসা-অপকৰ্ম নাইকিয়া হওক

অবিনাশ প্রিয়ম

5c24a7a1 22b4 4a03 8d81 cfda8e3ca6a3

প্রথমতে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালাে। সকলােৰে জীৱন সুখ-শান্তি সমৃদ্ধিৰে ভৰি পৰক তাকেই কামনা কৰিছাে। নতুন বছৰৰ বাবে বহুকেইটা পৰিকল্পনা কৰা হৈছে।

কেইটামান নতুন গীত মই গােৱা আৰু লিখা অসমবাসী ৰাইজলৈ আগবঢ়াম। সংগীতৰ শিকিবলগীয়া বহুতখিনি বাকী আছে সেইখিনি শিকিবলৈ চেষ্টা কৰিম। যিহেতু মহামাৰী কৰ’নাৰ বাবে আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ কৰাত বাধা আহি পৰে।

আমাৰ উপাৰ্জনৰ পথ বন্ধ হৈ গ’ল। যিহেতু অনুষ্ঠানসমূহ কৰি আমি চলি থাকো। বহুত সমস্যাৰ মাজত আমি জীয়াই আছাে। আশা কৰিছাে নতুন বছৰত মহামাৰী কৰ’না নিঃশেষ হওক।

আগৰ দৰেই দিনবােৰ আকৌ ঘূৰি আহক তাকেই কামনা কৰিছাে। এখন সুস্থ সৱল সমাজ বিচাৰাে, যত সকলাে জাতি-ধর্ম-বর্ণ নির্বিশেষে একেলগে সমিল-মিলেৰে এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি থাকো।

হত্যা, হিংসা অপকর্মসমূহ নাইকিয়া হওক। ভ্রাতৃত্ববােধ অটুট থাকক তাকেই কামনা কৰাে।

Exit mobile version