কেচা ভাং শুকুৱাত ব্যস্ত আপৰূপী গাঁৱৰ একাংশ লোক ,কুম্ভকৰ্ণ নিদ্ৰাত বৰভিটা আৰক্ষী

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষী চকীৰ এলেকাধীন বৰতাৰীৰ আপৰূপী গাঁৱৰ কেইজনমান ব্যক্তিৰ ঘৰত ভাং গছ ৰুই অৱৈধ বেহা চলাই আহিছে।

ভাঙৰ অবৈধ বেহা চলাছে যদিও স্থানীয় আৰক্ষীয়ে কুম্ভকৰ্ণ নিদ্ৰামগ্ন হৈ থকা বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। বৰতাৰী গাঁৱৰ ফজৰ আলী, আপৰূপী গাঁৱৰ হবিবৰ ৰহমান ৰহমান আৰু ছাইফুদ্দিনৰ ঘৰত ৰোপণ কৰা ভাং গছ চপাই শুকুৱাত ব্যস্ত হৈ পৰিছে ভাং গছ ৰোপনকাৰীসকল।

স্থানীয় আৰক্ষীৰ সমীপতে চলি থকা ভাং ৰোপণ আৰু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যক সচেতন মহলৰ মাজত তীব্ৰ নেতিবাচক চৰ্চা চলিছে। এই সন্দৰ্ভত জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে।

Exit mobile version