দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ

নীলিন্দু হাজৰিকা (মেকআপ আৰ্টিষ্ট)

FB IMG 1640847540269 2

দৈনিক অগ্ৰদূত বাতৰি কাকতৰ জৰিয়তে মই সমূহ অসমবাসীৰ লগতে অগ্ৰদূতৰ কৰ্ম-কৰ্তাসকলৰ লগতে পাঠক পাঠিকা সকলোলৈ মই নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ ।

নৱবৰ্ষ ২০২২ য়ে সকলোৰে মংগল কৰক,সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে যেন কামনা কৰিছোঁ। ২০২২ চনটোত মই নিজকে কিছু সাল- সলনিৰ মাজেৰে নিজৰ কামবোৰ আগুৱাই নিয়াৰ বাবে নিজকে প্ৰস্তুত কৰিছোঁ। মই পেছাত এগৰাকী মেকাপ আৰ্টিষ্ট ।যোৱা দুটাকৈ বছৰ ২০২০-২০২১ চন মানুহৰ জীৱনলৈ ভয়াৱহ প্ৰত্যাহ্বান আনিছিল ।

যাৰ ফলস্বৰূপে মানুহ কৰ্মবিমূখ হ’বলৈ বাধ্য হৈ লৰিছে।চৰকাৰী কৰ্মচাৰীখিনিৰ বাহিৰে ব্যৱসায় প্ৰতিষ্ঠান, শিল্পীকে ধৰি সকলোৰে কৰ্মত বিৰূপে প্ৰভাৱ পৰিছে ।

এগৰাকীৰ মেকআপ আৰ্টিষ্ট হিচাপে ক’ভিডৰ এই ভয়াৱহতাৰ পৰিস্থিতিত আৰ্থিক অৱস্থাৰ যি দুৰ্যোগ সেইয়া মোৰ জীৱনত অভিজ্ঞতা হৈ ৰ’ভ।

সেই বাবে আগন্তুক ২০২২ চনত ক’ভিড পৰিস্থিতিক প্ৰত্যাহ্বান জনাই ঘৰতে সৰুকৈ নিজৰ কৰ্ম আৰম্ভ কৰাৰ প্ৰয়াস কৰিছোঁ ।

নতুন বছৰ বুলিলেই মানুহে বহুত পৰিকল্পনা কৰে।কিন্ত যোৱা দুটা বৰ্ষত ক’ভিড সন্ত্ৰাসৰ সেই পৰিকল্পনা বিফল কৰিছে । মই নিজকে লৈ বহুত সপোন দেখিছোঁ,সেই সপোনবোৰক এই নৱবৰ্ষত বাস্তৱ কৰিবলৈ যথেষ্ট প্রয়াস কৰিম।

ক’ভিডে আমাৰ ব্যক্তিগত জীৱনতে নহয় সমাজৰ ভয়ংকৰ ক্ষতি কৰিছে ।দেশৰ অৰ্থনীতি যিদৰে দুৰ্বল হৈছে সেয়া সাধাৰণ শ্ৰেণীয়ে ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত আমাৰ শাসক-নেতাসকলে ৰাজনীতিত খেল- খেলাতকৈ সাধাৰণ নিবনুৱা শ্ৰেণীৰ সহায় কৰাটো মোৰ বোধেৰে বেছি প্ৰয়োজন ।কিয়নো দেশত প্ৰজা থাকিলেহে ৰজা থাকিব ।

আৰ্থিক সংকটে কিমান পৰিয়ালক লঘুণে মাৰিছে আমাৰ শাসক সকলে যোৱা দুটা বছৰ ভয়াৱহ বৰ্ষত কোনো অনুভৱ নকৰিলে। এই ক্ষেত্ৰত আমি জনসাধাৰণে বহুক্ষেত্ৰত দোষী । কাৰণ আমাৰ এটা এটা ভোটেৰে আমি কৰোৱাক নেতা বনাও ।

আমি নিজৰ অধিকাৰ খিনি সাব্যস্ত কৰিবলৈ মাত মাতিব নোৱাৰোনে ?দলীয় ৰাজনীতি কৰাতকৈ জনসাধাৰণে নিজৰ অধিকাৰখিনিৰ স্বাৰ্থত মিলা প্ৰীতিৰে এগৰাকী উপযুক্তক আমি বাছনি কৰিব নোৱাৰো জানো ? হয়তো তেতিয়া প্ৰজাৰ অধিকাৰে স্থান পায় বুলি ভাবি চাব নোৱাৰোনে আমি ?

একতাৰে পৰম বল। গতিকে আমি আমাৰ সমাজ,ৰাজ্য, দেশক দুৰ্নীতিমুক্ত কৰাৰ দায়বদ্ধতা আমিও লোৱা উচিত ।

মই যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মই আমাৰ সমাজৰ প্ৰতিনিধি সকলক অনুৰোধ কৰিছোঁ যে আমাক দুৰ্নীতিযুক্ত অসম নহয় ,আমাক দুৰ্নীতিমুক্ত অসম লাগে।

Exit mobile version