নৱপ্ৰজন্ম বিভিন্ন কঠিন চিন্তাৰ পৰা মুক্ত হ‌ওক

অলিস্মিতা শ‌ইকীয়া, গহনা শিল্পী

IMG 20211202 225104 956

প্ৰথমে ‘দৈনিক অগ্ৰদূত’ৰ জৰিয়তে ম‌ই সমূহ ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুকামনা যাচিলো । আগন্তুক বৰ্ষতো সকলোৰে হাঁহিৰে উপচি পৰক । মহামাৰীৰ নাশ হ‌ওক আৰু সকলো মানুহ যাতে কৰ্মমুখী হ‌ওক নতুন বছৰত মোৰ বহু পৰিকল্পনা আছে যিহেতু দুবছৰ ধৰি ম‌ই এই কামবোৰ কৰি আহিছো ।

ৰাইজৰ সঁহাৰিৰ বাবে ইমানখিনি কৰিবলৈ সাহসো পাইছো । নতুন নতুন থলোৱা সামগ্ৰীবোৰ যাতে ৰাইজৰ মাজত আৰু দিব পাৰো তাৰে কামনা কৰো ।

বৰ্তমান বিভিন্ন চিন্তাই নৱপ্ৰজন্মসকলক জুৰুলা কৰি পেলাই চাকৰিয়ে হ‌ওক বা সামাজিক মাধ্যমতে হ‌ওক এইবোৰতে অধিক সময় অতিবাহিত কৰি কাম কৰিবলৈ হেলা কৰে । আমি সদায় এটা কামতে লক্ষ্য স্থিৰ কৰিব লাগে । চাকৰিৰ কাৰণে ৰৈ নাথাকে নিজে যিটো কাম কৰি ভাল পায় তাৰেই ব্যৱসায়ে হ‌ওক বা অন্য কোনো ধাউতিৰে কৰি যাব লাগে ।

ম‌ই নিজৰ লগতে আন তিনিগৰাকীকো সংস্থাপন দিবলৈ সক্ষম হৈছো । নিজৰ কামৰ জৰিয়তে আমাৰ থলুৱা সম্পদসমূহকো প্ৰচাৰ কৰিব লাগে ।

Exit mobile version