ন উদ্যমেৰে ন পৰিকল্পনা লৈ আৰম্ভ কৰিছো নৱবৰ্ষ

দীপিকা কছাৰী, অভিনেত্ৰী

WhatsApp Image 2022 01 01 at 3.03.13 PM

২০২০-২১ বৰ্ষত কভিডে বিভিন্ন ধৰণে জুৰুলা কৰিলে। ব্যৱসায় বাণিজ্যৰ পৰা শাৰিৰীক মানসিকভাৱেও । তথাপি মনবোৰ ডাঠ কৰি ২০২১ বৰ্ষতি বিদায় জনালো । ২০২২ বৰ্ষই যেন এখন মহামাৰীমুক্ত শান্তিৰ পৃথিৱী দিয়ে তাকেই আশা কৰি ন উদ্যমেৰে কিছু ন ন পৰিকল্পনা হাতত লৈ আগবাঢ়িবলৈ মন মেলিছো । শৰীৰৰ যতন ভালদৰে ল’ম যাতে কোনো মহামাৰীৰ আতিশয্যই পুনৰ জুৰুলা কৰিব নোৱাৰে তাৰ লগতে যোৱাবাৰ কভিডৰ বাবে আধৰুৱা হৈ থকা কিছুমান কাম এইবছৰ সম্পূৰ্ণ কৰিম বুলি মন বান্ধিছো ।

নতুন চিনেমা হাতত ল’ম । লগতে জন্তু প্ৰেমী হিচাপে এটা এনজিঅ’ খুলিছিলো মই সেইটোৰ কামবোৰ অধিক উন্নত ৰূপত কৰিম । ইয়াৰ উপৰি সমাজিকভাৱে যিহেতু কিছু ক্ষেত্ৰত জড়িত গতিকে কিছুমান পৰিকল্পনা আছে সমাজৰ উন্নতিৰ হকে কিছুমান কাম কৰিবলৈ সেইবোৰ বাস্তৱায়িত কৰাৰ চেষ্টা কৰিম ।

যোৱা দুটা বছৰত বহুতো লোক ক’ভিডৰ বাবে বিভিন্ন ধৰণে জীয়াতু ভুগিছে, অৰ্থনৈতিকভাৱে কোঙা হৈ পৰিছে কিছুমান পৰিয়াল । গতিকে আমাৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান যে সময়ৰ উচিত ব্যৱহাৰ কৰা উচিত । ঘৰত এনেই বহি থকাতকৈ উপাৰ্জনমুখী হোৱাটো উচিত বুলি ভাবো । কামৰ কোনো সৰু বৰ নাই গতিকে সন্মান আৰু সততা ৰাখি যিকোনো কামৰ দ্বাৰা নিজৰ উপাৰ্জন নিজেই কৰি উলিয়াব পাৰিলে অভিভাৱকসকলেও সকাহ পায় । গতিকে যুৱ প্ৰজন্মলৈ আহ্বান কৰ্মমুখী আৰু উপাৰ্জনমুখী হওক সকলো ।

প্ৰতিজন নাগৰিক কৰ্মমুখী হ’লে দেশ বা ৰাজ্যৰ পৰা অৰ্থনৈতিক সমস্যা আৰু নিবনুৱা সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব । কোনো জাতি ভেদৰ প্ৰভেদ নথকা এখন শান্তি আৰু সমৃদ্ধিশালী অসমৰ সপোন দেখো সদায় ।

Exit mobile version