সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো

হিনা খাটুন, চলচ্চিত্ৰ প্ৰযোজক

WhatsApp Image 2021 12 31 at 4.41.35 PM

নতুন বছৰে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। তাৰেই কমনাৰে অসমবাসী লগতে দৈনিক অগ্রদূত’ৰ সকলাে কর্মকর্তালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলাে নতুনবৰ্ষটো আৰম্ভ কৰিম এক নতুন আশাৰে এক নতুন উদীপনাৰে ।

কেৱল নৱবৰ্ষতাে ভাল হওক বুলি আশা নকৰাে নিজে ভাল হােৱাৰ চেষ্টা কৰি এটা জীৱনৰ অন্যতম বর্ষ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি। বিগত দুটা বৰ্ষত ক’ভিড পৰিস্থিতিয়ে বহুতাে কথা শিকাই গ’ল।

বহুতাে প্রত্যাহ্বান আহিল। বহু ক্ষেত্ৰত বহুখিনি পিছপৰি গ’ল। তাৰ মাজতাে পুনৰ পৰিস্থিতি নিয়ন্ত্রণলৈ আহিছিলহে মাত্র এতিয়া আকৌ বিপদ বিয়পাইছে অ’মিক্রনে। এইসকলােৰৰ বাবে আমি অতি সাৱধান হােৱা উচিত।

সকলােৱে পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখি মাস্ক পৰিধান কৰি সকলােবােৰ নিয়ম মানি চলিব লাগে। যাতে পুনৰ এই অমিক্রনে সন্ত্রাসৰ সৃষ্টি নকৰে আৰু আমাৰ সকলােৰে সপােনবােৰ বাস্তৱ হ’বলৈ বাধা নজন্মে।

নৱ প্ৰজন্মৰ এগৰাকী যুৱতী হিচাপে মই এখন সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰাে। নাৰী জাতিটোৰ লগত যি জঘন্য ঘটনা হৈ আহিছে সেয়া যাতে নােহােৱা হৈ এখন সুন্দৰ দেশ গঠি উঠে তাক লৈ আশাবাদী।

নৱবৰ্ষত মই যুৱ প্রজন্মসকলক এইটো কওঁ যে আজি কালি বহুতে পঢ়ি-শুনি ঘৰতে বহি হতাশাগ্রস্তত ভুগিছে। সকলােৱে চৰকাৰী চাকৰিৰ পিছত দৌৰিছে। এই ক্ষেত্ৰত মই ক’ব বিচাৰাে যে আজি কালি উপার্জন কৰিবলৈ স্বনিৰ্ভৰশীল হ’বলৈ বহুতাে পথ আছে। সেইসমূহ ব্যৱহাৰ কৰি আমি সকলােৱে নিজৰ ভৰিত থিয় হ’ব পাৰাে।

Exit mobile version