নতুন বছৰত পৰ্যটকেৰে মুখৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

হাতী ছাফাৰীৰ বাবে পৰ্যটকক বিশেষ ৰেহাই

WhatsApp Image 2022 01 03 at 4.24.51 PM

নৱবৰ্ষৰ পহিলা দিনকেইটা দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে প্ৰকৃতিৰ ৰাণী বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকে ৰাতিপুৱাৰ পৰাই হাতী ছাফাৰী কৰি আনন্দ লভিছে ।উপভোগ কৰিছে মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য্য ৷ যোৱা বৰ্ষত হাতী ছাফাৰী কৰিলে প্ৰতিজন পৰ্যটকে ভৰিব লাগিছিল ৮৫০ টকাকৈ, কিন্তু নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩৫০ টকাৰে পৰ্যটকসকলক হাতী ছাফাৰী কৰাৰ বাবে সুবিধা কৰি দিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই‌ ৷ যাৰ বাবে বাৰুকৈয়ে উৎফুল্লিত হৈ পৰিছে মানাহ ভ্ৰমণলৈ অহা ভিন্ন প্ৰান্তৰ পৰ্যটকসকল‌‌ ৷

প্ৰতিদিনে ৰাতিপুৱা ছয় বজাৰ পৰা আৰম্ভ কৰা হাতী ছাফাৰী এবাৰত এঘণ্টাকৈ পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ভ্ৰমণ কৰোৱা হয় ৷ এই সময়ছোৱাত পৰ্যটকসকলে উদ্যানখনৰ ভিতৰত বন্যহস্তী,‌ গঁড়,‌ হৰিণ, বান্দৰ, বনগাহৰি, মেঠোন, ম’হ, ম’ৰা চৰাইৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চৰাই আদি প্ৰত্যক্ষ কৰিবলে পায় ৷ ইফালে, পৰ্যটকসকলে পৰিয়াল তথা আত্মীয় কুটুমৰ স’তে হাতী ছাফাৰী কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হয় উদ্যানখনৰ ভিতৰত ৷

উল্লেখ্য যে ব্যাঘ্ৰ প্ৰকল্পখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকে হাতী ছাফাৰীৰ উপৰিও জীপ ছাফাৰী, ছাইক্লিং, নৌকাবিহাৰ আদিৰো আনন্দ উপভোগ কৰিব পাৰে ৷

Exit mobile version