২০২১ বৰ্ষত বিশ্বত ৪৫ কৰ্মৰত সাংবাদিকৰ হ’ল মৃত্যু

female journalist news conference media 260nw 1480323476

২০২১ বৰ্ষত কৰ্মৰত অৱস্থাত বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ জন সাংবাদিক আৰু সংবাদকৰ্মীয়ে । সৰ্বাধিকসংখ্যক সংবাদিকৰ মৃত্যু হ’ল গৃহযুদ্ধ বিধ্বস্ত আফগানিস্তানত । পাকিস্তান আৰু ভাৰততো বিগত বৰ্ষটোত কে’বাজনো সাংবাদিকে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছিল ।

বিশ্বৰ সৰ্ববৃহৎ সাংবাদিকৰ সংস্থা ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্ট (আই এফ জে)ৰ দ্বাৰা এক প্ৰতিবেদনত এই তথ্য সদৰী কৰা হৈছে । আই এফ জেৰ তথ্য অনুসৰি, বিগত ৩০ বছৰৰ পাছত বিশ্বত কৰ্তব্যৰত অৱস্থাত সাংবাদিকৰ মৃত্যুৰ সংখ্যা ২০২১ বৰ্ষত সৰ্বনিম্ন হ’ল । ২০২০ বৰ্ষত বিশ্বত ৬৫ জন সাংবাদিকে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছিল ।

যোৱা বছৰত আফগানিস্তানত নজন, মেক্সিকোত আঠজন, ভাৰতত চাৰিজন আৰু পাকিস্তানত তিনিজন সাংবাদিকে কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাবটি লৈছিল । বিগত ৩০ বছৰত বিশ্বস্ত ২,৭২১ জন সাংবাদিকে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে । আনহাতে, ২০২১ বৰ্ষত বিশ্বজুৰি ৪৮৮ জন সাংবাদিকক কাৰাবন্দী কৰা হৈছিল ।

Exit mobile version