ৰাজ্যৰ ভিতৰত প্ৰথম দৃষ্টিহীনৰ ওপৰত ৰচনা কৰা বুদ্ধিনাথ কলিতাৰ গ্ৰন্থ উন্মোচন

IMG 20220104 WA0006

দৃষ্টিহীন সকলৰ ওপৰত ৰচনা কৰা ৰাজ্যৰ ভিতৰতে প্ৰথমখন গ্ৰন্থ “পোহৰ বিচাৰি“ আজি উন্মোচিত কৰা হয় ৷ নগাঁও জিলাৰ পুৰনিগুদামৰ ঐতিহাসিক কলঙৰ বাকৰি পাৰঘাটত গ্ৰন্হখনি উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ , বিশিষ্ট গল্পকাৰ ফণীন্দ্ৰ নাথ গায়নে ৷

লেখক, অভিনেতা বুদ্ধিনাথ কলিতাই ৰচনা কৰা পোহৰ বিচাৰি গ্ৰন্থখনি উন্মোচন কৰি সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নে কয় যে ,পোহৰ বিচাৰি গ্ৰন্হখনি এখন তত্ব গধুৰ গ্ৰন্থ৷ দৃষ্টিহীন সকলৰ ওপৰত ৰচিত এই গ্ৰন্থ খন ৰাজ্যৰ ভিতৰত প্ৰথম খন গ্ৰন্থ ৷

য’ত সন্নিবিষ্ট হৈছে দৃষ্টিহীন সকলে সমাজত কেনেকৈ আগবাঢ়ি গৈছে বা কেনেকৈ আগবাঢ়ি যাব লগতে তেওঁ লোকৰ সুখ দুখৰ কথা ৷ শিক্ষকতাৰ জীৱনৰ অভিজ্ঞতাৰে লেখকে বিভিন্ন সময়ত ৰচনা কৰা লিখনি একত্ৰিত কৰি গ্ৰন্হখনি প্ৰকাশ কৰিছে ৷

ভবিষ্যতে ইংৰাজীলৈ গ্ৰন্থখন অনুবাদ হ’লে দৃষ্টিহীন সকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব ৷ পাৰঘাট নাট্যমন্দিৰ প্ৰাঙ্গনত অঙ্গাভিনয় নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসৰ সন্ধ্যাৰ কাৰ্যসূচীত বুদ্ধিনাথ কলিতাৰ পোহৰ বিচাৰি গ্ৰন্থখনৰ লগতে অন্বেষা নামৰ আন এখন গ্ৰন্হও উন্মোচন কৰা হয় ৷

গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত উন্মোচক ফণীন্দ্ৰ নাথ গায়নৰ লগতে দীজেন্দ্ৰ মোহন শইকীয়া, দুলাল বৰা, দ্বীপেন বৈৰাগী , উজ্জল জ্যোতি দাস , তপন কটকী, নিলৰঞ্জন শৰ্মা, দুৰ্লভ বৰুৱা আদি উপস্থিত থাকে ৷

উন্মোচনী সভাত লেখক বুদ্ধি নাথ কলিতাই উন্মোচিত গ্ৰন্হ পোহৰ বিচাৰি আৰু অন্বেষাক পঢ়ুৱৈ ৰাইজে আকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে ৷ ইফালে অঙ্গাভিনয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰন্হ উন্মোচনৰ পাছতে কেলি গোপাল নাট খনি অভিনীত কৰা হয় ৷

Exit mobile version