Covid-19 variant : প্ৰায় ৪৬টা মিউটেছন হৈছে ক’ভিড ১৯-ৰ, এইবাৰ ফ্রান্সত সন্ধান ওলাল নতুন ৰূপৰ

1641284930 covid 3

কৰ’নাৰ ৰূপ অ’মিক্রনক লৈ উদ্বেগ শেষ নৌহ‌ওঁতে পুনৰ ভাইৰাছৰ নতুন ৰূপৰ সন্ধান পালে বিজ্ঞানীসকলে । এই দাবী কৰিছে ফ্রান্সৰ এদল বিজ্ঞানীয়ে । ফ্রান্সৰ মেডিটেৰানি ইনফেকছন নামে সংস্থাৰ গৱেষকসকলে ক’ভিডৰ এই ৰূপৰ নাম দিছে ইহু ।

গৱেষকসকলৰ দাবী এই নতুন ৰূপটোত ভাইৰাছৰ প্ৰায় ৪৬ টা মিউটেছন হৈছে । ফলত ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া ক’ভিডৰ চলিত টিকাবোৰ কার্যকৰী নহ’বও পাৰে বুলি ধাৰণা কৰিছে তেওঁলোকে ।

ফ্রান্সত মাৰ্চতেই চহৰত ১২ জনৰ শৰীৰত কৰ’নাৰ এই নতুন ৰূপৰ সন্ধান পোৱা গৈছে । তথ্য অনুসৰি, এই চহৰৰ অনেকেই নিয়মিত আফ্রিকাৰ দেশসমূহত যাতায়াত কৰে । বিশেষকৈ কেমেৰুনত তেওঁলোকে অধিক যাত্ৰা কৰে । সেই দেশৰ পৰা ভাইৰাছৰ এই নতুন ৰূপ ৰোগীৰ শৰীৰত প্রৱেশ কৰিছে নে নাই সেয়া পৰ্যবেক্ষণ কৰিছে গৱেষকসকলে ।

বর্তমান কৰ’নাৰ অ’মিক্রন ৰূপেই বিশ্বত বিভিন্ন প্রান্তত প্রভাৱশালী ভূমিকাত আছে । কিন্তু ভাইৰাছৰ এই নতুন ৰূপ ইহু কিমান সংক্রামক সেয়া এতিয়াও স্পষ্টকৈ গৱেষকসকলে নাজানে । বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, কেৱল ফ্রান্সতেই কিছুসংখ্যক ৰোগীৰ শৰীৰত ইয়াৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে । সেয়ে ইয়াক কৰ’নাৰ নতুন ৰূপ কোৱাৰ আগতে আৰু পৰ্যবেক্ষণ কৰিব বিচাৰিছে তেওঁলোকে ।

এ প্রসংগত এটা দীঘলীয়া টুইট কৰিছে মহামাৰী বিশেষজ্ঞ এৰিক ফেইগল-ডিঙে । তেওঁৰ মতে এতিয়া কৰ’নাৰ নতুন ৰূপবোৰ এটাৰ পাছত এটাকৈ আহি থাকিব । ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ প্রত্যেকেই বিপজ্জনক । সংখ্যাবৃদ্ধি কৰাৰ ক্ষমতাৰ ওপৰত নির্ভৰ কৰি ই বিপজ্জনক হৈ উঠে । মূল ভাইৰাছটোৰ পৰা কিমান মিউটেছন হৈছে সেয়াও গুৰুত্বপূর্ণ বিষয় বুলি তেওঁ জনাইছে ।

যোৱা ২৪ ডিচেম্বৰত প্রথম অ’মিক্রন আক্রান্তৰ খবৰ পোৱা গৈছিল দক্ষিণ আফ্রিকাত‌ । ইয়াৰ পাছতে বিশ্বৰ প্রায় এশখন দেশত বিয়পি পৰে কৰ’নাৰ এই ৰূপ । ভাৰতত এই পর্যন্ত আক্রান্তৰ সংখ্যা প্রায় ১,৯০০ ।

Exit mobile version