আই আই টি গুৱাহাটীত ক’ভিডৰ সন্ত্ৰাস

02 01 2022 coronajagranpic 22346196

আই আই টি গুৱাহাটীত (IIT Guwahati) ক’ভিডৰ সংক্ৰমণ (Covid 19)। ৫০জনৰো অধিক ছাত্ৰ ছাত্ৰীসহ প্ৰতিষ্ঠানটোৰ কে’বাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি।

শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা বাহিৰলৈ অহা–যোৱা বন্ধ কৰা হৈছে শিক্ষাৰ্থীৰ। তৈয়াৰ কৰি ওলোৱা হৈছে কোৱাৰেন্টাইন চেণ্টাৰ।

আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী বুলি জনাইছে আই আই টি গুৱাহাটীৰ ডিন পৰমেশ্বৰ অইয়ৰে। চলিত সপ্তাহতে ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

Exit mobile version