আত্মনিৰ্ভৰ শ্ল’গানৰ মাজতে ঔষধৰ কেঁচা মালৰ চীনৰ পৰা আমদানি বৃদ্ধি

এবছৰত আমদানি বাঢ়িল ১৯ শতাংশ

meds main

অন্তহীন সীমান্ত বিবাদত হুংকাৰ দিলেও এতিয়াও ভাৰত দৰব প্রস্তুতৰ ক্ষেত্ৰত চীনৰ ওপৰত নিৰ্ভৰশীল হৈয়ে আছে। আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গান দি অহা নৰেন্দ্ৰ মােদী চৰকাৰৰ তথ্য অনুসৰিয়ে জ্বৰ-চর্দি, কাহৰ পৰা আৰম্ভ কৰি কেন্সাৰৰ দৰব প্রস্তুতৰ বাবে প্রতিবেশী চীনেই ভৰসা।

ক’ভিডৰ বৰ্ষত চনৰ পৰা ভাৰতে প্রায় ১৯ হেজাৰ চাৰিশ কোটি টকাৰ দৰব প্রস্তুত ৰাসায়নিক দ্রব্য আমদানি কৰে। তাৰ পূর্ববর্তী বৰ্ষতকৈ এই পৰিমাণ ১৯ শতাংশ অধিক। মনকৰিবলগীয়া যে ক’ভিডৰ প্রথম টৌৰ সময়ৰ পৰাই চীনৰ সেনাই লাডাখৰ পৰা গালৱান উপত্যকাত ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল।

এতিয়াও বহু অঞ্চলত চীনৰ সেনাই ভাৰতীয় জোৱানৰ সীমান্তৰ টহলত বাধা দিয়ে আছে, কিন্তু এতিয়াও দৰব প্রস্তুতৰ বাবে চীনৰ পৰাই অনা ৰাসায়নিক সামগ্রীক ভৰসাই ভাৰতৰ একমাত্র সম্বল।

২০১৯-২০ত দেশত দৰব প্রস্তুতৰ বাবে আমদানি কৰা ৰসায়নিক দ্রব্যৰ পৰিমাণ ৩৬,৪৪৩ কোটি টন আৰু ইয়াৰ মূল্য ২৪,১৭১ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা অনা সামগ্ৰীৰ বাবদ মূল্য হৈছে ১৬,৪৪৩ কোটি টাকা। ২০২০-২১ত আমদানিকৃত মুঠ ৩৯,০৪৭ কোটি টন সামগ্ৰীৰ মুঠ মূল্য হৈছে ২৮,৫২৯ কোটি টকা।

ইয়াৰে ভিতৰত চীনৰ পৰা অনা হয় ১৯,৪০৩ কোটি টকাৰ সামগ্রী। এই তথ্য প্রকাশ কৰে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রণালয়ে। তাৎপর্যপূর্ণ বিষয়টো যে ক’ভিডৰ বাবে চীনৰ পৰা দৰবৰ ৰাসায়নিক সামগ্রী যােগানত সমস্যাৰ সৃষ্টি হৈছিল।

তথাপি ভাৰৰ আমদানি হ্ৰাস হােৱা নাছিল। উল্লেখ্য যে ২০২০ৰ পৰা পূব লাডাখত ভাৰত আৰু চীনৰ ৫০ সহস্রাধিক সেনা নিয়ােগ কৰা হৈছিল। পূব লাডাখৰ লগতে উত্তৰ ফালে থকা ডেপচাঙৰ সমতল ভূমি আৰু সুদূৰ দক্ষিণৰ ডেমচ’ক অঞ্চলতাে এই সেনা নিয়ােগ হৈছে।

২০২০ৰ জুনত গালৱান নৈৰ অঞ্চলত দুই বাহিনীৰ হিংসাত্মক সংঘৰ্ষত ২০জন ভাৰতীয় সেনা নিহত হৈছিল। চীনৰ পৰা প্রকাশিত তথ্য অনুসৰি চাৰিজন চীনা সৈন্য নিহত হৈছিল। ইপিনে, ভাৰতৰ মতে চীনৰ নিহতৰ সংখ্যা ৪০জন। দুই দেশৰ মাজত সেনাৰ স্তৰত ১৩বাৰ বৈঠক সম্পন্ন হলেও বিবাদৰ অন্ত পৰা নাই।

ইয়াৰ পাছতাে চীনৰ পৰা দৰব বা দৰব প্রস্তুত সামগ্রী আমদানি বন্ধ কৰা সম্ভৱ হােৱা নাই। পৰিৱৰ্তে ক’ভিডৰ উপসৰ্গৰ চিকিৎসাৰ বাবে দৰবৰ চাহিদা বৃদ্ধি পাইছে। সেই হেতুকে বাঢ়িছে আমদানি। প্রসংগতে উল্লেখ্য যে গালৱানৰ সংঘৰ্ষৰ পাছত ভাৰতত অতি জনপ্রিয় চীনা এপৰ ব্যৱহাৰ বন্ধ কৰি দিছিল।

ভাৰতত অতিকৈ জনপ্রিয় হৈ পৰা টিকটক নামৰ এপটো বন্ধ কৰি দিয়াত বহু লক্ষ লক্ষ ভাৰতীয় অনুৰাগী আনকি ব্যথিত হৈছিল। তথ্য অনুসৰি ২৬৪টা এনে চীনা এপত ভাৰতে নিষেধাজ্ঞা জাৰি কৰে। ইয়াৰ লগে লগে গালৱানৰ সূত্র ধৰিয়ে আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান অধিক তীক্ষ্ণ সুৰত প্ৰচাৰ কৰে কেন্দ্ৰীয় চৰকাৰে।

ভাৰতৰ বজাৰ চীনা সামগ্রীয়ে সিংহভাগ দখল কৰি থকাৰ সময়তে ইয়াক বর্জনৰ বাবেও চৰকাৰৰ পৰা আহ্বান জনােৱা হয়। দেশ্য বিভিন্ন উৎসৱ যেনে দুর্গোৎসৱ, দীপাৱলী আদিত চীনা লাইট, চাকি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনােৱা হয়। অথচ শেহতীয়াভাৱে দৰবৰ ক্ষেত্ৰত প্রকাশিত তথ্যই এক ফোঁপােলা স্বৰূপ দাঙি ধৰিলে বুলি ক’ব পাৰি।

ইপিনে, কেন্দ্রীয় ৰসায়ন আৰু সাৰ মন্ত্রণালয়ৰ তথ্য অনুসৰি দৰব বা ফার্মাচিটিউকেল উদ্যোগত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম। কিন্তু ইয়াৰ বাবে প্রয়ােজনীয় কেঁচা সামগ্রী আদি চীনসহ বিভিন্ন দেশৰ পৰা আমদানি কৰিবলগীয়া হয়। আনকি পেৰাচিটামােলৰ দৰে সাধাৰণ দৰব প্রস্তুতৰ বাবেও চীনৰ সামগ্ৰীৰ ভৰসাতে থাকে ভাৰত।

দৰব প্রস্তুতৰ সামগ্রী উৎপাদনত বিশেষ লাভ নহয় বাবে সেই সমূহৰ ক্ষেত্ৰত দেশৰ দৰব নির্মাতা সংস্থাসমূহে নিজে প্রস্তুত নকৰি চীনৰ পৰা আমদানি কৰে। এই ৰাসায়নিক সামগ্রী উৎপাদনত বিশ্বৰ প্রথম স্থানত আছে চীন। সেয়েহে ভাৰতৰ শতকৰা ৭০ শতাংশ সামগ্ৰীয়ে চীনৰ পৰা আনিব লাগে।

প্রশ্ন উঠিছে যে চিকিৎসাৰ দৰব প্রস্তুতৰ বাবে চীনৰ ওপৰত এই নিৰ্ভৰশীলতাৰ বাবেই গালৱানত চীনৰ অনুপ্ৰৱেশৰ ক্ষেত্ৰত মােদী চৰকাৰ নীৰৱে আছে নেকি? ৰসায়ন-সাৰ মন্ত্রণালয়ৰ মতে, ক’ভিডৰ সময়ত চীনৰ পৰা কেঁচা সামগ্ৰীৰ যােগানত সমস্যা দেখা দিয়াত ভাৰতত দৰব উৎপাদন বাধাগ্রস্ত হৈছিল।

এতিয়া স্পষ্ট হৈ পৰে যে আত্মনিৰ্ভৰশীল হ’ব লাগিব ভাৰতৰ দৰব উদ্যোগ। তাৰ পাছতে মােদী চৰকাৰে ভাৰতত দৰব প্রস্তুতৰ ৪১ বিধ ৰাসায়নিক সামগ্রী উৎপাদনৰ বাবে উদগনিমূলক ভাট্টাৰ যােগান ঘােষণা কৰিছে। দৰবৰ প্রস্তুতৰ বাবে ড্ৰাগছ পার্ক গঢ়ি তােলাৰ প্রকল্পও ঘােষণা কৰাৰ লগতে দৰব প্রস্তুতৰ বাবে উদগনিমূলক ভাট্টা ঘােষণা হয়।

এই তিনি খণ্ডতে পাঁচৰ পৰা ১০ বছৰত কিমান অর্থ ব্যয় হ’ব তাৰ ৰূপৰেখা অনুমােদন দিছে ভাৰত চৰকাৰে।

Exit mobile version