কলিয়াবৰৰ বননিত দুষ্প্ৰাপ্য বিষ্ময়কৰ ‘হিমালয়ান শগুন’

আই-ইউ-চি-এনৰ 'ৰেড ডাটা বুক’ৰ দুষ্প্ৰাপ্যৰ শীৰ্ষত, বিশ্বত মাথো কিছুসংখ্যকহে জীৱিত

1641383327814

কলিয়াবৰৰ বনভূমিত উদ্ধাৰ হৈছে প্ৰকৃতিৰ জামাদাৰ অতি দুষ্প্ৰাপ্য ’হিমালয়ান শগুন’ ৷ বিশ্বৰ ভিতৰতে মাথো এমুঠি দুষ্প্ৰাপ্য শগুনৰ উপস্থিতিৰে নিজা অৱস্থিতি বৰ্তাই ৰখা এই প্ৰজাতিৰ শগুণক লৈ এতিয়া পক্ষীপ্ৰেমীৰ মাজত আৰম্ভ হৈছে নানা কৌতুহল ৷ ’ইণ্টাৰনেছনেল ইউনিয়ন ফৰ কঞ্জাৰভেছন অৱ নেচাৰ’ চমুকৈ আই-ইউ-চি-এনৰ ‘ৰেড ডাটা বুক’ৰ অতি দুষ্প্ৰাপ্য পক্ষীৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা এই বিশেষ পক্ষীৰ উদ্ধাৰে এক নতুন চিন্তাৰ খোৰাক যোগাইছে পক্ষীপ্ৰেমীৰ মনত ৷

তীব্বতীয়ান প্লেটৰ অন্তৰ্গত ভাৰতৰ লগতে নেপাল, মধ্য চীন, বাংলাদেশ, কাজাগিস্তান, মালয়েছিয়া, মংগোলীয়া, ম্যানমাৰ, পাকিস্তান, তাজাকিস্তান, থাইলেণ্ড, উজবেকিস্তান, কম্বোডিয়া, ছিংগাপুৰ, আফগানিস্থানকে ধৰি কেইখনমান দেশতহে এমুঠিমান এই পক্ষীৰ উপস্থিতি ধৰা পৰিছে পক্ষী অধ্যয়নকাৰীৰ অধ্যয়নত ৷ এক বিষ্ময়কৰ পক্ষীৰূপে পৰিচিত এই হিমালয়ান শগুনৰ প্ৰতি ঘণ্টাত উৰনৰ গতিবেগ ৪৮ কিলোমিটাৰ ৷ আঠৰ পৰা ১৩ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ এই বিষ্ময়কৰ পক্ষী সাধাৰণতে ৯৫ৰ পৰা ১৩০ ছেণ্টিমিটাৰ দীঘল হয় যদিও পাখি মেলা অৱস্থাত ২৭০ৰ ৩০০ ছেণ্টিমিটাৰ পৰ্যন্ত দৈঘ্যৰ হয় ৷

ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত কণী পাৰি ৫০ দিনৰ উমনিৰ অন্তত এটাকৈ পোৱালি ফুটাই লালন-পালন কৰে এই হিমালয়ান প্ৰজাতিৰ শগুনে ৷ ছয়ৰ পৰা সাত মাহৰ ভিতৰত এটাকৈ কণী পাৰে মাইকী হিমালয়ান শগুনে ৷ ৩৯০০ৰ পৰা ১৮০০০ ফুট পৰ্যন্ত উচ্চতালৈ উৰিব পাৰে এই দুষ্প্ৰাপ্য পক্ষীকুলে ৷ ওখ ওখ শিলাময় স্থানত সাধাৰণতে বাস কৰে এই প্ৰজাতিৰ শগুনে ৷ কলিয়াবৰৰ বিশিষ্ট ফটোগ্ৰাফাৰ প্ৰণৱ মহন্তৰ কেমেৰাত বন্দী হয় এই দুষ্প্ৰাপ্য পক্ষী হিমালয়ান শগুণ ৷

ইপিনে, কালি দিনৰ ভাগত প্ৰকৃতিপ্ৰেমীৰ এটা দলে এনে প্ৰজাতিৰ এটা শগুণ ঠেঙত আঘাতপ্ৰাপ্ত অৱস্থাত কলিয়াবৰৰ দলিবাৰী গাঁৱৰ সমীপৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰৰ পথাৰত উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

এই হিমালয়ান শগুনৰ উপৰিও কলিয়াবৰৰ নিৰ্জনতাত দেখা পোৱা যায় ৰজা-শগুণ ৷ যাৰ ইংৰাজী নাম ‘ব্লেক ভালচাৰ’ ৷ এই শগুনৰ দৈহিক বিৱৰণৰ ভিতৰত দেখা পোৱা মতে, ডিঙি আৰু মূূৰৰ বৰণ সেন্দুৰ বৰণীয়া, কাণৰ দুয়োফালে দুটা ৰঙা মোনা ওলমি থাকে, চুৰিৰ দৰে বেঁকা ঠোঁটটোৰ বৰণ পাতল ৰঙচুৱা, চকুৰ ৰং ৰঙা বাদামী, বুকুৰ ওপৰফালে বগা ৰঙৰ পাখিবিলাক এশাৰী হৈ থাকে, উৰু অঞ্চলৰ পাখিৰ বৰণ বগা । দেখাত বগা মোজা এজোৰ পিন্ধি থকাৰ দৰেই । পিঠিৰফালে থকা পাখিবিলাকৰ ৰং ক’লা বৰণৰ ৷ শগুনৰ আন এক প্ৰজাতি পাতি-শগুণৰ দৰে মাজত বগা পাখি নাথাকে এই ৰজা শগুনৰ । পাতি-শগুণৰ দৰে ৰজা-শগুণৰো মতা-মাইকী দেখাত একে । ওখ প্ৰায় ৮০ছে:মি: হ’ব ৷

ৰজা-শগুণৰ আচৰণ খোজ-কাটল গহীন । মৰাশ খাবলৈ গোটখোৱা পাতি-শগুণৰ মাজত এটা বা দুটা ৰজা-শগুণো থাকে ।‌ মৰাশৰ প্ৰথম ভাগটো ৰজা-শগুণৰ । ৰজা-শগুণে প্ৰথমে নাখালে আন শগুণে নাখায় । অৱশ্যে কেতিয়াবা ৰজা-শগুণ নাহিবও পাৰে, তেতিয়া আন শগুণৰে মাজৰ পৰা এজন দলপতি বাছি লয়, মৰাশ খোৱাৰ আৰম্ভণি সিয়েই কৰে । ৰজা শগুণে মৰাশ খোৱাৰ ক্ষেত্ৰত সমূলি হাই-কাজিয়া নকৰে । ৰজা শগুণ মৰাশৰ পৰা কিছু দূৰৈত পৰেহি আৰু মান-সন্মানে বাট এৰি দিলেহে শৰ ওচৰলৈ যায় । ৰজা-শগুণে পেট ভৰাৰ লগে লগে সেই স্থান ত্যাগ কৰে ।

ৰজাশগুণে ওখ গছ, কেতিয়াবা কাঁইটীয়া গছ বা জোপোহা গছৰ ওপৰতো বাহ সাজে । ঈগলৰ পুৰণি বাহো ইহঁতে ব্যৱহাৰ কৰে । জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰতে ইহঁতে বাহ সাজি কণী পাৰে । এবাৰত মাত্ৰ এটাহে কণী পাৰে । কণীটো গোলাকাৰ, ৰং পাতল সেউজীয়া, খোলাটো টান । মাক-বাপেক দুয়োটাই উমনি লয় । পোৱালিক পেটৰ পৰা খাদ্য উলিয়াই খুৱায় ।

পাতি শগুণৰ লগতে কলিয়াবৰত উপলব্ধ আন এক শগুন প্ৰজাতি ৷ এই শগুনৰো মূৰ আৰু ডিঙিত আন চৰাইৰ দৰে পাখি নাথাকে । চুটি চুটি নোমহে থাকে । পাখি নথকাৰ বাবেই মূৰটো সহজে মৰাশৰ ভিতৰলৈ সুমুৱাব পাৰে । মৰাশৰ ভিতৰত সুমুৱাবলৈ তাৰ ডিঙিৰ অংশটো যথেষ্ট দীঘলৰ লগতে জীভাখন খহটা যাৰ সহায়ত ই মৰাশৰ পৰা মাংস চুঁচি আনিব পাৰে । বেঁকা চুৰিৰ দৰে শক্তিশালী ঠোঁটেৰে সি মৰাশৰ চাল সহজতে চিঙি পেলাব পাৰে ।

চৰাইৰ ভিতৰত অন্যতম চতুৰ ৰূপে পৰিচিত শগুণে মৰাশটোৰ চাল ডাঠ হ’লে কুকুৰ-শিয়াল আদিৰ বাবে ৰৈ থাকে, যাতে সিহঁতে আহি মৰাশটোৰ চালখন চোকা দাঁতেৰে ফুটাই দিয়ে । মৰাশ খোৱাৰ পাছত শগুণে উৰিব নোৱাৰে । নৈৰ পাৰত মৰাশ থাকিলে এই শ খাই জাকে জাকে নৈত গা ধোৱে । গা ধুই উঠি শগুণৰ ডেউকা দাঙি পাখিবোৰ ৰ’দত শুকুৱায় । এবাৰ ভালকৈ পেট ভৰাৰ পাছত শগুনে কে’বাদিনলৈকে নোখোৱাকৈয়ে থাকিব পাৰে ।

তথ্য অনুসৰি, সমগ্ৰ বিশ্বত মুঠ ১৫টা প্ৰজাতিৰ শগুণ আছে । কলিয়াবৰত সাধাৰণতে দুই প্ৰকাৰৰে শগুণ বেছিকৈ পোৱা যায় । এজাতৰ নাম পাতি শগুণ, আন জাত ৰজা শগুণ । এটা পাতি শগুণৰ উচ্চতা প্ৰায় ৩৫ ইঞ্চি । ডেউকাৰ পাখিবিলাকৰ ৰং ক’লা ধোঁৱা বৰণীয়া । পিঠিৰফালে কিছু অংশৰ পাখিৰ বৰণ বগা । গাৰ অনুপাতে মূৰটো যথেষ্ট সৰু । চকুৰ ৰং বাদামী । দৃষ্টিশক্তি প্ৰখৰ । ঠেঙৰ ৰং ক’লা, নখবোৰ বেঁকা‌ । গাটো প্ৰায়েই লেতেৰা অৱস্থাতেই থাকে‌ । শগুণৰ সমান ওপৰত উৰিব পৰা চৰাই নাই বুলিবই পাৰি ৷

উল্লেখ্য, ওখ গছৰ ফেৰেঙনি বা গছৰ একেবাৰে আগত গছৰ ডাল-পাত গোটাই ওপৰমুৱাকৈ ইহঁতে বাহ সাজে । বাহৰ ভিতৰফালে কুমলীয়া পাত গোটাই লয় । এবাৰত এটাহে কণী পাৰে । কণীৰ আকৃতি যথেষ্ট ডাঙৰ । প্ৰায় চাৰি ইঞ্চিৰ আশে-পাশে হয় । কণীৰ ৰং বগা, মাজে মাজে মুগা ৰঙৰ দাগ‌ । মতা-মাইকী দুয়োটাই উমনি দিয়ে । শগুনৰ পোৱালি অতি কম সময়ৰ ভিতৰতে উৰিব পৰা হয় । মাক-বাপেকে নিজৰ পেটৰ পৰা উলিওৱা মঙহ পোৱালিক খাবলৈ দিয়ে । শগুণৰ আয়ুস প্ৰায় ৫০ বছৰ বুলি কোৱা হয় যদিও ৩০-৩৫ বছৰতো ইয়াৰ মৃত্যু হয় ৷

চৌদিশে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে ৷ বিষাক্ত হৈ পৰিছে বায়ু, পানী, মাটি ৷ ইয়াৰ লগে‌ লগে আন আন বন্যপ্ৰাণী, পক্ষীকূলৰ দৰেই সংকটৰ গৰাহত পৰি বিলুপ্তিৰ পথলৈ গতি কৰিছে শগুনৰ আটাইবোৰ প্ৰজাতি ৷ সময় থাকোতেই এই পক্ষীকূল ৰক্ষাৰ বাবে তৎপৰতা গ্ৰহণ নকৰিলে শীঘ্ৰে প্ৰকৃতিৰ বুকুৰ পৰা উদং হ’ব ‘প্ৰকৃতিৰ জামাদাৰ’ ৷

Exit mobile version