কৰ’না উদ্বেগত উত্তৰ প্রদেশত সমস্ত জনসভা বাতিল কংগ্রেছৰ, স্থগিত যোগীৰ ন‌ইডাৰ অনুষ্ঠানো

yogi adityanath

আৰম্ভ হৈছে তৃতীয় ঢৌৰ প্ৰকোপ । দেশজুৰি বৃদ্ধি পাইছে কৰ’না (COVID) সংক্রমিতৰ সংখ্যা । উত্তৰ প্রদেশতো (UP) বাঢ়িছে মহামাৰীৰ উদ্বেগ । ইয়াৰ পাছতো ৰাজ্যৰ শাসক আৰু বিৰোধী উভয় দলসমূহৰ ভোটপ্রচাৰত‌ অসংখ্য ভিৰ দেখা গৈছিল । সেয়ে ৰাজনৈতিক দলসমূহৰ সমালোচনা কৰে সাধাৰণ মানুহৰ পৰা বিশেষজ্ঞ চিকিৎসকসকলেও । অৱশেষত নির্বাচনী প্রচাৰ বাতিল কৰিলে উত্তৰ প্রদেশৰ অন্যতম বিৰোধী দল কংগ্রেছে (Congress) । আনহাতে, মুখ্যমুন্ত্রী যোগী আদিত্যনাথৰ (CM Yogi Adityanath) বৃহস্পতিবাৰৰ চৰকাৰী অনুষ্ঠান বাতিল হৈছে ।

অ’মিক্রনে (Omicron) আতংকৰ সৃষ্টি কৰাৰ সময়তে মঙলবাৰে উত্তৰ প্রদেশৰ বৰেলি জিলাত (Bareilly District) কংগ্রেছৰ প্রচাৰত অগনন ভিৰ দেখা যায় । সেই জনসমাগমত কৰ’না বিধি অৱলম্বন কৰা নাই বুলিও অভিযোগ উত্থাপিত হয় । অনেকৰ মুখতেই মাস্ক নাছিল । ইয়াৰ উপৰি অতিৰিক্ত ভিৰত পদপিষ্ট হোৱাৰ ঘটনাও সংঘটিত হৈছে । যদিও কোনো গুৰুতৰভাৱে আহত হোৱা নাই । তৎস্বত্ত্বেও দেশত অ’মিক্ৰনৰ প্ৰকোপত কংগ্রেছৰ এই প্রচাৰক লৈ প্রশ্ন উত্থাপন কৰিছিল সংবাদ মাধ্যমে । তেনে সময়তে বুধবাৰে উত্তৰ প্রদেশ কংগ্রেছ দলৰ যাৱতীয় প্রচাৰসভা বাতিল কৰাৰ কথা জনালে । কংগ্রেছৰ এই সিদ্ধান্তক স্বাগত জনাইছে ৰাজ্যৰ চিকিৎসক মহলে ।

ইপিনে, একেই প্রশ্ন উঠিছে গেৰুৱা শিবিৰৰ ৰাজনৈতিক প্রচাৰক লৈও । অভিযোগ, অধিকাংশ ক্ষেত্রতেই দূৰত্ব বিধি অৱলম্বন কৰা নহয় সভাসমূহত । বিজেপিৰ সাধাৰণ সমর্থকসকলৰ লগতে দলৰ নেতাসকলৰ কোনো কোনোৰ মুখত মাস্ক দেখা নাযায় । গৌতম বুদ্ধ নগৰৰ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ এটা চৰকাৰী অনুষ্ঠান বাতিল কৰা হৈছে । আগন্তুক সময়ত বৃহস্পতিবাৰে এই অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া আছিল । কিন্তু কংগ্রেছৰ দৰে বিজেপিয়ে যাৱতীয় নির্বাচনী সভা সমাবেশ বাতিল কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট নহয় । হেজাৰ সমালোচনাৰ পাছতো এই বিষয়ত দলৰ তৰফৰ পৰা এই পৰ্যন্ত একো জনোৱা নাই ।

কালি বৰেলিত শতাধিক যুৱতীয়ে কংগ্রেছৰ ‘লড়কি হু, লড় ছকতি হু’ নির্বাচনী প্রচাৰত এটা সমদল উলিয়ায় । সমদলত অংশগ্রহণকাৰী অধিকাংশ যুৱতীৰ মুখতেই মাস্ক দেখা নাযায় বুলি অভিযোগ । পাছত ভিৰত আগবঢ়াৰ সময়ত সমদলৰ আগৰ শাৰীৰ কিছুসংখ্যক পৰি যায় । পাছফালৰ ভিৰ আগবাঢ়ি অহাত বহুকেইগৰাকী পদপিষ্ট হয় । যদিও কোনো হতাহত হোৱা নাই ।

Exit mobile version