নেজাল ভেকচিন হ’ব পাৰে বুষ্টাৰ ড’জ, ভাৰত বায়’টেকক চূড়ান্ত ট্রায়েলৰ অনুমোদনপত্র কেন্দ্ৰৰ

Bharat biotech

ভাৰত বায়’টেকে (Bharat Biotech) তৈয়াৰ কৰা Intranasal Vaccine বা নাকেৰে লোৱা উপযুক্ত টিকাক কৰ’না টিকাৰ (COVID vaccine) বুষ্টাৰ ড’জ হিচাপে অনুজ্ঞাপত্র দিয়াৰ সম্ভাৱনা ডিজিসচিআই-ৰ । বুধবাৰে কেন্দ্রীয় সংস্থাৰ বিশেষজ্ঞ কমিটীৰ তৰফৰ পৰা টিকাৰ তৃতীয় পৰ্যায়ৰ ট্রায়েলত সন্মতি দিয়া হৈছে ।

তথ্য অনুসৰি, পাঁচ হেজাৰ সুস্থ ব্যক্তিৰ ওপৰত ট্রায়েল চলোৱা হ’ব । ইয়াৰ ভিতৰত অর্ধেকে ক’ভাক্সিন আৰু ক’ভিশিল্ড টিকাৰ সম্পূর্ণ ড’জ গ্রহণ কৰিছে । যোৱা ডিচেম্বৰৰ মাজভাগত ভাৰত বায়’টেকৰ তৰফৰ পৰা ক্লিনিকেল ট্রায়েল চলোৱাৰ অনুমতি বিচৰা হয় । ভাৰত বায়’টেকে কেন্দ্রক জনায়, যিসকলৰ সম্পূর্ণ টিকাকৰণ হৈছে তেওঁলোকক নেজাল ভেকচিন (Nasal Vaccine) বুষ্টাৰ ড’জ (Booster Dose) হিচাপে দিলে ভাল ফল পাব পাৰে ।

উল্লেখ্য, যোৱা মঙলবাৰে ডিজিচিআই এটা বৈঠক অনুষ্ঠিত কৰিছিল এই বিষয়ত । সেই বিষয়তেই বিশদ আলোচনা কৰা হয় । ইয়াৰ পাছতেই বুধবাৰে ট্রায়েলৰ অনুমতি দিযা হয় । অনুমান কৰা হৈছে যে, দ্বিতীয় ড’জ লোৱাৰ ছমাহ পাছতেই এই বুষ্টাৰ ড’জ (Booster Dose) ল’ব পৰা যাব । সম্ভৱত মার্চৰ পৰাই বুষ্টাৰ ড’জ আৰম্ভ কৰাৰ অনুমতি দিব কেন্দ্র‌ই । অৱশ্যে এয়া নির্ভৰ কৰে সময় মতে বুষ্টাৰ ড’জ অনুমতি দিয়া হৈছে নে নাই তাৰ ওপৰত ।

ইপিনে, কৰ’নাৰ নতুন ষ্ট্ৰেন অ’মিক্রনৰ বিৰুদ্ধে যুদ্ধত নতুন বছৰৰ আৰম্ভণিৰ পৰাই ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকলৰ টিকাকৰণৰ কাম আৰম্ভ হৈছে দেশত । সোমবাৰৰ পৰাই কম বয়সৰসকলে ক’ভাক্সিনৰ (Covaxin) টিকা লাভ কৰিছে । এই পর্যন্ত দেশত টিকাপ্রাপকৰ সংখ্যা মুঠ ১৪৬ কোটি ৭০ লাখ ১৮ হেজাৰ ৪৬৪ জন । কোনো লোক অ’মিক্রন আক্রান্ত হয় নে নহয়, সেয়া সহজে বুজ ল’বলৈ RT-PCR কিট ‘অ’মিশ্বিঅ’ৰ’ক সদ্য অনুমোদন দিছে আইচিএম‌আৰ-এ । দেশত বৰ্ধিত সংক্রমণক নিয়ন্ত্রণত আনিবলৈ তৎপৰ কেন্দ্র ।

বুধবাৰেও একেকোবে বৃদ্ধি পালে দেশৰ কৰ’না সংক্রমণ । কালিৰ পৰিসংখ্যাত আক্রান্তৰ সংখ্যা আছিল ৩৭ হেজাৰৰ কিছু অধিক, আজি এই সংখ্যা ৫৮ হেজাৰৰো অধিক হ’ল । অর্থাৎ মাত্র ২৪ ঘণ্টাত ডেৰগুণৰো (৫৫%) অধিক বৃদ্ধি পালে সংক্রমণ । ইয়াৰ লগতে বৃদ্ধি পাইছে মাৰণ ভাইৰাছত মৃত্যুৰ সংখ্যাও । উদ্বেগ বৃদ্ধি কৰিছে দেশৰ ঊর্ধ্বমুখী সক্ৰিয় ৰোগীৰ সংখ্যাই ।

Exit mobile version