২৫ হেজাৰলৈ বৃদ্ধি পাব দৈনিক সংক্ৰমণ, সপ্তাহান্তিকত সান্ধ্যআইন দিল্লীত

delhi lockdown pti 1638809280

দেশৰ লগতে দিল্লীতে পুনৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হ’ল। জানুৱাৰীৰ মাজভাগত দিল্লীত কৰ’নাৰ দৈনিক সংক্রমণ ২৫ হেজাৰৰ অধিক হ’ব পাৰে।

ADVERTISEMENT

এনে আশংকাতে কম্পমান হ’ল দেশৰ ৰাজধানী। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নৈশ সান্ধ্যআইনৰ লগতে অহা সপ্তাহান্তিকৰ পৰা দিল্লীত সান্ধ্যআইন জাৰি কৰা হ’ল।

অহা শুকুৰবাৰৰ নিশা ১০ বজাৰ পৰা সােমবাৰৰ পুৱা পাঁচ বজালৈকে দিল্লীত বলৱৎ থাকিব সান্ধ্যআইন। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই মঙলবাৰে এই কথা প্রকাশ কৰি কয় যে এই মুহূর্তত দেশৰ ৰাজধানীত ক’ভিড পৰিস্থিতিয়ে যি ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিলে অহা আঠ জানুৱাৰীৰ ভিতৰত দিল্লীত দৈনিক সংক্রমণ আঠৰ পৰা নহেজাৰ হােৱাৰ সম্ভাৱনা আছে।

সংক্রমণ নিয়ন্ত্রণ কৰিব নােৱাৰিলে ১৫ জানুৱাৰীৰ ভিতৰতে ২০-২৫ হেজাৰলৈকে দৈনিক সংক্রমণ বৃদ্ধি পাব পাৰে।

Exit mobile version