Home Quarantine : নিভৃতবাসৰ সময়সীমা কমি সাত দিন,নিৰ্দেশনা সলনি কেন্দ্ৰৰ

home quarantine

যিসকলৰ কৰ’নাৰ মৃদু উপসর্গ আছে তেওঁলোকৰ কোৱাৰেন্টাইনো কম দিনৰ হয় ।বুধবাৰে এটা নিৰ্দেশনাত নিভৃতবাসৰ নতুন নিময় জাৰি কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

ADVERTISEMENT

ইয়াত কোৱা হৈছে যে ঘৰত চিকিৎসাধীন কৰ’না ৰোগীসকলে সাত দিনৰ পাছত তেওঁলোকৰ নিভৃতবাস শেষ কৰিব পাৰে। কিন্তু চৰ্তসাপেক্ষ।

দেশত কৰ’না সংক্ৰমণ বৃদ্ধিৰ নতুন পৰ্যায়ত মৃদু উপসৰ্গৰ ৰোগীৰ সংখ্যা অধিক বুলি জনাইছে বিশেষজ্ঞ চিকিৎসকসকলে । তেওঁলোকক ঘৰত থাকিয়ে চিকিৎসা ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

বুধবাৰে স্বাস্থ্য মন্ত্রণালয়ে জনায় যে, এজন কৰ’না আক্রান্তৰ যদি একেৰাহে তিনিদিন জ্বৰ নুঠে, তেন্তে ৰিপ’র্ট পজিটিভ অহাৰ সাত দিন পাছত তেওঁ নিভৃতবাসৰ পৰা বাহিৰত ওলাব পাৰে ।

ইয়াৰ পূৰ্বে নিভৃতবাসত থাকি বাসগৃহৰ পৰা ওলোৱাৰ আগত ক’ভিড পৰীক্ষা কৰি নিগেটিভ ৰিপৰ্ট লোৱাৰ নিয়ম আছিল। এই সন্দৰ্ভত নতুন কৈ পৰীক্ষা কৰোৱাৰ প্ৰয়োজন নাই বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । অৱশ্যে, নিভৃতবাস শেষ হ’লেও ৰোগীয়ে সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব বুলি জনোৱা হৈছে নিৰ্দেশনাৱলীত

কিন্তু এই নিয়ম কেৱল মৃদু লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যিসকলে ঘৰত চিকিৎসাধীন কৰে।

Exit mobile version