Omicron : নিজেই টিকা হ’ব পাৰে অ’মিক্রন, চিৰদিনলৈ শেষ কৰিব পাৰে অতিমাৰীক, মত আইচিএমআৰ বিষয়াৰ

1641284930 covid 3

ক’ভিডৰ বর্তমান ভয়াৱহতা তিনি মাহৰ ভিতৰতেই কমিব । লগতে অ’মিক্রন নিজেই ক’ভিডৰ টিকা হৈ উঠিব পাৰে । এই মত প্রকাশ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)-ৰ এক শীর্ষ বিষয়াই । আইচিএমআৰৰ এপিডেমিঅ’লজি এণ্ড কমিউনিকেবল ডিজিজেছৰ প্রধান চিকিৎসক সমীৰণ পাণ্ডাই কয়, মানুহে যদি ক’ভিড বিধি সঠিককৈ মানি চলে তেন্তে কৰ’না ভাইৰাছ সংক্রমণৰ পৰিমাণ হ্ৰাস পাব ।

সমীৰণে কয়, ‘‘কম উপসর্গযুক্ত অ’মিক্রনৰ সংক্রমণে কৰ’না অতিমাৰী শেষ কৰাত সহায় কৰিব পাৰে । অ’মিক্রনে নিজেই ক’ভিডৰ টিকা হিচাপে কাম কৰিব পাৰে । যিমানে বেছি সংখ্যক লোক সংক্রমিত হৈছে, সংক্রমণ সিমানে কম গুৰুতৰ হৈছে । টিকাই অ’মিক্রন সংক্রমণৰ তীব্রতা কম কৰিবলৈ সক্ষম । অৱশ্যে, বয়স্কসকলৰ ওপৰত ই কেনেকুৱা প্রভাৱ পেলাব আমি নাজানো । সেয়ে আমি সতর্ক হোৱা উচিত ।’’ তেওঁৰ বক্তব্যৰ স’তে বহু বিশেষজ্ঞ একমত বুলি তেওঁ দাবী কৰে ।

সমীৰণৰ দাবী, ‘‘ক’ভিডৰ লেখচিত্র আগন্তুক তিনি মাহতেই কমিব পাৰে । তাৰ বাবে চাৰিটা কথা মানি চলিব লাগিব । টিকাকৰণত পিছুৱাই থকা ৰাজ্যসমূহে টিকাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব, জনগণ‌ই ভিৰ এৰাই চলিব লাগিব, অপ্রয়োজনীয় কাৰণত বাহিৰত ওলোৱা বন্ধ কৰিব লাগিব আৰু টিকা লোৱাৰ লগতে মাস্ক ব্যৱহাৰ কৰিব লাগিব ।’’

সংক্রমণৰ সংখ্যা যিমান দ্রুত বৃদ্ধি পায়, লেখচিত্র সিমান ওপৰলৈ উঠে । সংক্রমণৰ হাৰ বৃদ্ধি পালে স্বাস্থ্য ব্যৱস্থাত অধিক চাপ পৰে । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ এটা প্ৰতিবেদন অনুসৰি, ক’ভিড লেখচিত্রত এটা উচ্চ বক্রৰেখা তৈয়াৰ হোৱাৰ অর্থ আক্রান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে । তদুপৰি ইয়াৰ অর্থ আক্রান্তৰ সংখ্যা পৰৱর্তী সময়ত দ্রুত হাৰত হ্রাসো পাব ।

Exit mobile version