গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছুৰ

স্নাতক তৃতীয় ষান্মাসিকৰ ফলাফলৰ আসোঁৱাহ আঁতৰোৱাৰ দাবী

WhatsApp Image 2022 01 20 at 5.05.27 PM

গুৱাহাটী বিশ্ববিদ্যালয়ে ১৬ জানুৱাৰীত স্নাতক তৃতীয় ষান্মাসিকৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক অসন্তুষ্টিৰ । চি বি চি এছ ব্যৱস্থাত অধ্যয়নৰত এইসকল ছাত্ৰ-ছাত্ৰীয়ে আশা কৰাতকৈ যথেষ্ট কম নম্বৰ পোৱা বুলি অভিযোগ উঠিছে ।

ADVERTISEMENT

এই সন্দৰ্ভত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰে সদৌ অসম ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত যোৱা এটি সজাঁতি দল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ সন্দিকৈ, পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ স’তে এই সন্দৰ্ভত আলোচনাত মিলিত হয় । ছাত্ৰ সন্থাই এই ফলাফল পুনৰ বিবেচনা কৰি ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে । আছুৰ উপসভাপতি উৎপল শৰ্মা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এই সন্দৰ্ভত সংবাদমাধ্যমক কয় যে স্নাতক তৃতীয় ষান্মাসিকৰ ফলাফলে ছাত্ৰ-ছাত্ৰীক মানসিক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছে । এই ফলাফলে ছাত্ৰ-ছাত্ৰীক ন্যায় দিব পৰা নাই‌ । আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে আলোচনাত মিলিত হৈ ছাত্ৰ সন্থাই এই ফলাফল পুনৰ বিবেচনাৰ দাবী জনাওঁ ।

কৰ্তৃপক্ষ‌ই বিষয়টোত ইতিবাচক সঁহা‌ৰি দিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিবিচিএছৰ মূল্যায়ন পদ্ধতিৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৱৰ্তী ষান্মাসিকৰ ফলাফলতকৈ কম নম্বৰ পাইছে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে । এই ফলাফল কম সময়ৰ ভিতৰত পুনৰ বিবেচনা কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে । ছাত্ৰ সন্থাৰ স্পষ্ট কথা, বিগত সময়খিনিত মহামাৰীসৃষ্ট পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট শৈক্ষিক ক্ষতি হৈছে । গতিকে কোনো ধৰণৰ আসোঁৱাহৰ বাবেই ছাত্ৰ-ছাত্ৰীক আৰু মানসিক অশান্তিৰ মাজলৈ ঠেলি দিব নোৱাৰি । এই ফলাফলয়পুনৰ বিবেচনা হ’ব‌ই লাগিব আৰু ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাব‌ই লাগিব ।

আলোচনাটোত গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক অনুস্মিতা দাস আৰু উপদেষ্টা ৰাজদীপ বৰুৱাও উপস্থিত থাকে ।

Exit mobile version