জৰুৰী সেৱাৰ স’তে জড়িত লোকৰো ৰেহাই নাই, মদনপুৰ টোল গেট কৰ্তৃপক্ষ, কৰ্মচাৰীৰৰ মইমতালি

toll

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ টোল গেটত এতিয়াৰ পৰা জৰুৰী সেৱাৰ স’তে জড়িত লোকৰো ৰেহাই নাই । সকলো লোকে ভৰিব লাগিব টোল টেক্স ।টোলগেট কৰ্তৃপক্ষৰ নিৰ্দেশত জৰুৰী সেৱাৰ লগতে সংবাদকৰ্মী সকলকো টোল টেক্স দিবলৈ বাধ্য কৰোৱা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  কামৰূপ জিলাৰ মদনপুৰত স্থাপন কৰা টোল গেটত অত দিনে জিলা প্ৰশাসনৰ নিৰ্দেশত সংবাদ মাধ্যমৰ স’তে জড়িত লোকসকলক ৰেহাই দিয়া হৈছিল । কিন্তু এতিয়াৰ পৰা জৰুৰী সেৱাৰ স’তে জড়িত কোনো লোকক টোল টেক্স ৰেহাই দিয়া নহয় । আনকি আৰক্ষীৰ লোককো ৰেহাই দিয়া নহয় বুলি নানা কটু কথাৰে কে’বাজনো সংবাদকৰ্মীক অপদস্থ কৰাৰ অভিযোগ টোলগেটৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ।

উল্লেখ্য যে যোৱা ২৫ ডিচেম্বৰত মদনপুৰ টোল গেট পৰিচালনাৰ দায়িত্ব সলনি হোৱাৰ লগে লগে ইয়াৰ নীতি নিয়মৰো সলনি কৰিছে টোলগেট কৰ্তৃপক্ষই । যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জৰুৰী সেৱাৰ স’তে জড়িত বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত লোকৰ মাজত । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৫ ডিচেম্বৰত মদনপুৰ টোল গেট পৰিচালনাৰ দায়িত্ব লাভ কৰে ঈগল ইনফাৰ্মা ইণ্ডিয়া লিমিটেড নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে । তাৰ পাছতে জৰুৰী সেৱাৰ স’তে জড়িত লোকৰ বাহনৰ পৰা জোৰ-জুলুম কৰি টোল টেক্স সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি দিয়ে ।

অভিযোগ অনুসৰি ৰাজ্যৰ প্ৰতিষ্ঠিত কে’বাখনো বাতৰি কাকতৰ (ছপা) আৰু বৈদ্যুতিক মাধ্যমৰ সংবাদকৰ্মী ইতিমধ্যে যোৱা ২৫ ডিচেম্বৰৰ পৰা কালিলৈ মদনপুৰ টোল গেটত দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে । মন কৰিবলগীয়া যে ইমান দিনে জৰুৰী সেৱাৰ লোকৰ বাহন হিচাপে সংবাদকৰ্মীসকলে টোলগেটত টোল টেক্স ৰেহাই দিয়া হৈছিল । ঈগল ইনফাৰ্মা ইণ্ডিয়া লিমিটেডে মদনপুৰ টোল গেটৰ দায়িত্ব লাভ কৰাৰ পাছত ইয়াত নিয়োজিত একাংশ কৰ্মচাৰীয়ে গুণ্ডাৰাজ আৰম্ভ কৰি দাবী ধমকিৰে কে’বাজনো সংবাদ কৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । আমি সেইবোৰ নাজানো সংবাদিক কিয় আৰক্ষীৰ লোকেও এতিয়াৰ পৰা টোল গেটত টেক্স দিব লাগিব বুলি নানা কটু কথাৰে টোলগেটত টেক্স দিবলৈ বাধ্য কৰায় ছপা আৰু বৈদ্যুতিক মাধ্যমৰ কে’বাজনো প্ৰতিষ্ঠিত সংবাদ কৰ্মীক ।

এতিয়া প্ৰশ্ন উঠিছে টোলগেটৰ উঠি ৰজা বহি ৰজা কৰ্মচাৰীসকলক কোনে নাকি লগাব । কৰ্তৃপক্ষৰ নিৰ্দেশ নাপালে সংবাদকৰ্মীক দুৰ্ব্যৱহাৰৰ কৰাৰ সাহস কৰিব নোৱাৰিলেহেতেন কৰ্মচাৰীসকলে ? এনে নানা প্ৰশ্নৰ উদয় হৈছে সংবাদকৰ্মীৰ মাজত। এই ক্ষেত্ৰত কামৰূপ জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে জিলাখনৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে ।

Exit mobile version