China Army Kidnaps Teen : অৰুণাচলৰ এজন যুৱকক ‘অপহৰণ’ কৰিলে চীনা সেনাই ! প্ৰধানমন্ত্ৰী মোদী নীৰৱ কিয়, কটাক্ষ ৰাহুলৰ

ekptb3tg arunachal boy kidnapped by china

অৰুণাচল প্রদেশৰ ছিয়াং জিলাৰ এখন গাঁৱৰ পৰা ১৭ বছৰৰ এজন যুৱকক অপহৰণৰ অভিযোগ উত্থাপন হৈছে চীনা সেনাৰ বিৰুদ্ধে । এই অভিযোগ কৰিছে অৰুণাচলৰ বিজেপি সাংসদ তাপিৰ গাৱ’ৱে ।

মিৰাম তাৰুন নামে যুৱজনক মঙলবাৰে অপহৰণ কৰা হৈছে বুলি তেওঁ জনাইছে । এই খবৰ জনায় তেওঁ এটা টুইট কৰিছে । সংবাদ মাধ্যমক সাংসদগৰাকীয়ে জনাইছে, মিৰামক চীনৰ পিপলছ লিবাৰেছন আর্মিয়ে (পিএলএ) অপহৰণ কৰিছে, কিন্তু তেওঁৰ এজন বন্ধু পলায়ন কৰিবলৈ সক্ষম হয় ।

তাপিৰৰ অভিযোগ, জিৰ’ৰ এই দুই স্থানীয় চিকাৰীক অৰুণাচল প্রদেশৰ ছাংপো নদীৰ উপকূলৰ পৰা আটক কৰিছে চীনৰ সেনাই ।

সাংসদগৰাকীয়ে তেওঁৰ টুইটত দুই যুৱকৰ ছবি দি এই ঘটনাৰ বিস্তাৰিত বিৱৰণ দিছে । তেওঁ ভাৰত চৰকাৰক এই যুৱকৰ দ্রুত মুক্তিৰ আবেদনো জনাইছে । সাংসদ তাপিৰ গাৱ’ৱে জনায়, বিষয়টো তেওঁ গৃহ প্রতিমন্ত্রী নিশীথ প্রামাণিকক জনাইছে । যাতে দ্রুত যুৱকজনৰ মুক্তিৰ ব্যৱস্থা কৰিব পাৰে, তাৰ বাবে আবেদনো কৰিছে ।

ঘটনা সন্দৰ্ভত কংগ্রেছ নেতা ৰাহুল গাঁধীয়েও টুইট কৰিছে । প্রধানমন্ত্রী নৰেন্দ্র মোদীক কটাক্ষ কৰি তেওঁ লিখিছে, ‘গণৰাজ্য দিৱসৰ মাত্র কিছুদিন পূৰ্বে এজন যুৱকক অপহৰণ কৰিলে চীনে । ভাৰতৰ ভৱিষ্যৎ মিৰাম তাৰোনৰ লগত আছো । আমি আশা এৰা নাই ।’ লগতে কয়, ‘প্রধানমন্ত্রী নীৰৱ । তেওঁ এইসমূহ বিষয়ক গুৰুত্ব নিদিয়ে ।’

Exit mobile version