পৃথিৱীত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন দিয়ক, জলবায়ু পৰিৱৰ্তন আহিব : অৰণ্য মানৱ যাদৱ পায়েং

অৰণ্য মানৱ তথা ফৰেষ্ট মেন অৱ ইণ্ডিয়া পদ্মশ্ৰী যাদৱ পায়েঙে আজি চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে পৰিৱেশ সজাগতা আৰু বহনক্ষম উন্নয়ন বিষয়ত মত বিনিময় কৰে ৷ অসম ৰাজ্যিক প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (ASTEC) সহযোগত আৰু বিজনী মহাবিদ্যালয়ৰ, মহাবিদ্যালয় পৰিৱেশ আৰু বতৰ পৰিৱৰ্তন কোষসহ কে’বাটাও বিভাগৰ উদ্যোগত আয়োজিত বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পাঙেয়ে নিজৰ অৰণ্য সৃষ্টিৰ দীঘলীয়া পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷

বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সম্প্ৰতি মাজুলী জিলাৰ অন্তৰ্গত মূলা কাঠনিবাৰী জংঘলত হাতী, অন্য জীৱ-জন্তুৰ আগমন ঘটাত স্থানীয় লোকে যাদৱ পায়েঙক অৰণ্য ধ্বংস কৰিবলৈ ধমকি দিছিল যদিও এই লৈ তেওঁ কোনো ভ্ৰুক্ষেপ নকৰি আগুৱাই অহাৰ কথা প্ৰকাশ কৰে ৷ তেওঁৰ কাম-কাজৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ফৰেষ্ট মেন অৱ ইণ্ডিয়া সন্মান প্ৰদান কৰাৰ লগতে বিভিন্ন দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে সময়ে সময়ে হোৱা মত বিনিময়ৰ ওপৰত আলোকপাত কৰে ৷

তেওঁ বিগত দুবছৰত জলবায়ু পৰিৱৰ্তনৰ বাবে ক’ভিড পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰে ৷ লগতে পৃথিৱীখন আগৰ দৰে সুন্দৰ হৈ পৰিব বুলিও আশা ব্যক্ত কৰে ৷

ভাষণ প্ৰসংগত তেওঁ অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে ৷ লগতে মেক্সিকোত চৰকাৰে ১০ বছৰৰ বাবে তেওঁক নিমন্ত্ৰণ কৰাৰ তথ্য ব্যক্ত কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ লগতে অন্যান্য ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে তেওঁৰ জীৱন সংগ্ৰামৰ ওপৰত মত বিনিময় কৰে ৷

আদৰণি ভাষণ প্ৰদান কৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বীৰহাস গিৰি বসুমতাৰীয়ে ৷ অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

Exit mobile version