Congress Youth Manifesto, UP : এক শতাংশ সুদত ঋণ, ২০ লাখ কর্মসংস্থান, যুৱসমাজক প্রতিশ্রুতি কংগ্রেছৰ

WhatsApp Image 2022 01

প্রার্থী তালিকাত মহিলাসকলক সংৰক্ষণ দি আগতেই চমক তৈয়াৰ কৰিছিল দলে । এইবাৰ যুৱ সমাজক আকৃষ্ট কৰিবলৈ নতুন প্রতিশ্রুতি কংগ্রেছৰ । উত্তৰ প্রদেশ বিধানসভা নির্বাচনত (UP Polls 2022) এমাহো বাকী নাই । তাৰ আগতে শুকুৰবাৰে যুৱ সমাজৰ বাবে বিশেষ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিলে কংগ্রেছে (Congress Youth Manifesto) । এই ইস্তাহাৰত ২০ লাখ কর্মসংস্থানৰ লগতে শূন্যপদত ডেৰ লাখ শিক্ষক-শিক্ষয়িত্ৰী নিয়োগৰ প্রতিশ্রুতি দিলে তেওঁলোকে ।

দলৰ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi) আৰু উত্তৰ প্রদেশত দলৰ নির্বাচনৰ দায়িত্বত থকা প্রিয়ংকা গান্ধীক (Priyanka Gandhi) এই ইস্তাহাৰ প্রকাশ কৰে কংগ্রেছে । ৰাহুল গান্ধীয়ে কয়, ‘‘আমাৰ বিশ্বাস সম্প্ৰতি দেশক নতুন দর্শনৰ প্রয়োজন । উত্তৰ প্রদেশৰ পৰাই তাৰ সূচনা হোৱা উচিত । কর্মসংস্থাপনটো দূৰৰে কথা, বর্তমান যুৱ সমাজে চাকৰি হেৰুৱাইছে । কাৰণ দুই-তিনিজন উদ্যোগপতিৰ হাততেই সমস্ত তুলি দিয়া হৈছে । সেয়ে উত্তৰ প্রদেশৰ যুৱ সমাজৰ স’তে আলোচনা কৰি, সকলোৰে সন্মুখত কর্মসংস্থানৰ সিদ্ধান্ত লৈছে কংগ্রেছে ।’’

আজি দিল্লীত কংগ্রেছৰ সদৰ কাৰ্যালয়ৰ পৰা ভার্চুৱেল মাধ্যমত এই ইস্তাহাৰ প্রকাশ কৰে কংগ্রেছে । প্রিয়ংকাই কয়, ‘‘যুৱ সমাজৰ সমস্যাবোৰ নির্ধাৰণ কৰিব পাৰিছো আমি । বুজি পাইছো ঠিক ক’ত সমস্যা । যি দলেই আহে ২৫-৩০ লাখ কর্মসংস্থানৰ প্রতিশ্রুতি দিয়ে । কিন্তু সেয়া কেনেদৰে সম্ভৱ হ’ব, তাৰ কোনো উত্তৰ পোৱা নাই । ইস্তাহাৰত তাৰ সন্ধান আছে । আজিৰ দিনত উত্তৰ প্রদেশৰ যুৱসমাজ চাকৰি পাবলৈ সমস্যাৰ সম্মুখীন হৈছে । যোগ্যতা আছে কিন্তু নিবনুৱা হৈ আছে । তেওঁলোকৰ প্রয়োজন পূৰণ কৰাৰ চেষ্টা কৰিম আমি ।’’

প্রতি ঘণ্টাত উত্তৰ প্রদেশত যুৱসমাজৰ ৮৮০ জনে কাম হেৰুৱাইছে বুলি পৰিসংখ্যাত দাঙি ধৰে ৰাহুলে । সেয়ে নতুন উত্তৰ প্রদেশ গঢ়িবলৈ যুৱসমাজেই ভৰষা বুলি তেওঁ জনাইছে । উত্তৰ প্রদেশত ক্ষমতাত আহিলে নিষাদ সম্প্রদায়ৰ বাবে বিশ্বমানৰ শিক্ষা প্রতিষ্ঠান আৰু প্রশিক্ষণ কেন্দ্র গঢ়াৰ প্রতিশ্রুতি দিয়ে প্রিয়ংকাই । ব্যৱসায়ৰ বাবে যুৱ সমাজক এক শতাংশ সুদত ঋণ দিয়া হ’ব বুলিও জনায় । নিৰ্বাচনৰ ফলাফল প্রকাশৰ পাছত যদিও কোনো দলৰ স’তে জোট বান্ধে, সেই ক্ষেত্রতো প্রতিশ্রুতি পূৰণ কৰিব বুলি জনায় প্রিয়ংকাই ।

Exit mobile version