COVID-19 : সাপ্তাহান্তিক সান্ধ্য আইন বাহাল, কেজৰিৱাল চৰকাৰৰ প্রস্তাৱ খাৰিজ দিল্লীৰ লেফটেনেন্ট গভর্নৰৰ

new delhi a policeman enquires a commuter during the weekend curfew imposed by

কৰ’না ভাইৰাছ সংক্রমণ কিছু নিয়ন্ত্রণত অহাত দিল্লীত সপ্তাহান্তিক সান্ধ্য আইন শিথিল কৰাৰ আবেদন জনাইছিল মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল চৰকাৰে । কিন্তু শুকুৰবাৰে এই বিষয়ত আবেদন খাৰিজ কৰিলে কেন্দ্রশাসিত ৰাজধানী অঞ্চলৰ লেফটেনেন্ট গভর্নৰ অনিল বৈজলে । অৱশ্যে বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কর্মচাৰীৰে কাম আৰম্ভ কৰিবৰ বাবে দিল্লী চৰকাৰৰ প্রস্তাৱত সমৰ্থন জনাইছে ।

লেফটেনেন্ট গভর্নৰৰ কাৰ্যালয়ক উদ্ধৃত কৰি সংবাদ সংস্থা এএনআই-য়ে জনাইছে, বর্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি সাপ্তাহান্তিক সান্ধ্য আইন প্রত্যাহাৰ নকৰাৰ পৰামর্শ দিয়া হৈছে ৰাজ্যক ।

Exit mobile version