Germany : বিদেশৰ পৰা প্রতি বছৰে চাৰি লাখ দক্ষ কর্মচাৰী নিয়োজিত কৰিব ইউৰোপৰ এই দেশে

beschleunigtes Verfahren iStock SeventyFour

ক’ভিড পৰিস্থিতিসহ নানা কাৰণত জার্মানীৰ বিভিন্ন ক্ষেত্রত কর্মচাৰীৰ যথেষ্ট অভাৱ দেখা দিছে । সেই অভাৱ পূৰ কৰিবলৈ আৰু জনসংখ্যাত সামঞ্জস্য আনিবলৈ দেশৰ বিভিন্ন গুৰুত্বপূর্ণ সংস্থাবোৰত প্রতি বছৰে চাৰি লাখ দক্ষ কর্মচাৰী নিয়োগৰ পৰিকল্পনা কৰিছে জার্মানীৰ সদ্য নিযুক্ত জোঁট চৰকাৰে । বিদেশৰ পৰাই সেই কর্মচাৰী আমদানি কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে ।

ফ্রি ডেম’ক্রেটছ (এফডিপি)-ৰ নেতা ক্রিষ্টিয়ান দুৰে এই বিষয়ত কয়, “দক্ষ কর্মীৰ অভাৱ চৰম পর্যায়ত‌ পাইছে । ফলত দেশৰ অর্থনীতি ক্রমে মন্থৰ হৈ পৰিছে । যিটো অতি উদ্বেগৰ বিষয় । সেয়ে নৱনির্বাচিত চৰকাৰে বিদেশৰ পৰা কর্মচাৰী অনাৰ চিন্তা-চৰ্চা কৰিছে ।”

নতুন প্ৰব্ৰজন নীতি অনুসৰিয়েই এই সমস্যা সমাধানৰ পথ পোৱা গৈছে বুলিও জনাইছে দুৰে । যথা সম্ভৱ দ্রুত এই নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হ’ব বুলিও দাবী তেওঁৰ ।

কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল ? জার্মান ইকনমিক ইনষ্টিটিউট-ৰ সমীক্ষা অনুযায়ী, সেই দেশত বয়স্ক কর্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে । যিসকলৰ অধিকাংশই চলিত বৰ্ষত অৱসৰ গ্ৰহণ কৰিব । ফলত বিপুল সংখ্যক কর্মচাৰীৰ চাহিদা দেখা দিব । এই সমীক্ষাত আৰু দাবী কৰা হৈছে চলিত বৰ্ষতেই তিনি লক্ষৰো অধিক কর্মচাৰীৰ অভাৱ দেখা দিব । ২০২৯-ৰ ভিতৰত সেই সংখ্যা চাৰে ছয় লাখৰ ঘৰ অতিক্ৰম কৰিব পাৰে । ফলত ভয়াৱহ এটা পৰিস্থিতিৰ শংকা কৰি বিদেশৰ পৰা দক্ষ কর্মচাৰী অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে ।

Exit mobile version