বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে কণী খালেই ক’লেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হয়। সেই বাবে বহুতেই নিতৌ কণী খাব নােখােজে। এতিয়া কণী শব্দটো বহুতৰে বাবে আতংকৰ কাৰণ হৈ পৰিছে।
পিছে এনেদৰে সৃষ্টি হােৱা আতংকৰ কি কাৰণ থাকিব পাৰে সেয়া পিছে বহুতেই জ্ঞাত নহয়। পুষ্টি বিশেষজ্ঞসকলৰ মতে, এটা ডাঙৰ কণীৰ কুহুমত ১৮৬ মিলিগ্রাম কলেষ্টেৰল থাকে।
ইমান পৰিমাণৰ ক’লেষ্টেৰল শৰীৰত প্ৰৱেশ কৰা বাবে ইয়াৰ মাত্রা বৃদ্ধি পােৱাটো স্বাভাৱিক কথা।সেই ভাবিয়েই বহুতে নিয়মীয়াকৈ কণী খােৱাৰ পৰা আঁতৰি থাকে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে শৰীৰত দুই ধৰণৰ ক’লেষ্টেৰল থাকে উপকাৰী আৰু অপকাৰী। এইচ ডি এল আৰু এলডিএল ক’লেষ্টেৰলৰ ভিতৰত এইচডিএলক শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল হিচাপে গণ্য কৰা হয়।
সাধাৰণতে কণীত প্রটিন, ভিটামিন ‘বি’, আয়ৰণ, চর্বি,ফছফৰাছ, দস্তা, কেলচিয়াম, ছেলেনিয়াম আদি পােৱা যায়। এইবােৰ উপাদানে শৰীৰক শক্তি যােগায়। যেতিয়া তেল আদিত কণী ভজা হয় তেতিয়া ই শৰীৰৰ বাবে উপকাৰী হৈ নাথাকে।
শেহতীয়াভাৱে গৱেষণাত এই বুলি তথ্য লাভ কৰিছে যে নিয়মীয়াকৈ কণী খােৱাৰ ফলত ষ্ট্ৰোক আদিৰ আশংকা হ্রাস পায়। ইয়াৰ বিপৰীতে এগৰাকী ব্যক্তিয়ে এদিনত বা এসপ্তাহত কিমানটা কণী খাব পাৰে তাক লৈ চৰ্চা হৈছে।
শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কণীৰ ভূমিকা গুৰুত্বপূর্ণ। বিশেষজ্ঞসকলৰ মতে এগৰাকী সুস্থ ব্যক্তিয়ে নিয়মীয়াকৈ দুটা কণী খাব পাৰে। অৱশ্যে শৰীৰত যদি অপকাৰী ক’লেষ্টেৰল বেছি থাকে তেতিয়াহলে চিকিৎসকৰ পৰামর্শ নিশ্চয় ল’ব লাগিব।