ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয়ৰ ধাৰাটো হেৰাই যাব দিব নালাগে : মন্ত্ৰী, সাহিত্যিক উৰ্খাও গৌৰা

WhatsApp Image 2022 01 22 at 5.56.06 PM

“নাটক এটা সময়ত কলা আছিল নে নাই ম‌ই নাজানো । নাটক কিন্তু এটা সময়ত সমাজত সচেতনতা আনিবৰ বাবে এটা পথ আছিল । সেই পথ অৱলম্বন কৰাৰ বাবে সমাজত সচেতনতা আৰু জাগৰণ আনিবৰ বাবে নাটকক ব্যৱহাৰ কৰা হৈছিল । আজি নাটক এটা কলাত পৰিণত হ’ল । আধুনিক কলা । নাটক এনেকুৱা এটা সুন্দৰ সৃষ্টি যে, সৃষ্টিৰ মাজত ইয়াক এটা সময়ত মানুহে সংস্কৃতি আৰু সাহিত্য বুলি ক’লে আমি নাটককে জানিছিলো । আজি নাটক নাট্য হৈ গৈছে আৰু লাহে লাহে ইয়াৰ চৰ্চা কমি গৈছে । কিন্তু সমাজৰ পৰা নাটকক হেৰাই যাব দিব নালাগে । তেনেদৰে সাহিত্য-সাংস্কৃতিক সমন্বয়ৰ ধাৰাটোও সমাজৰ পৰা হেৰাই যাব দিব নালাগে । সমাজত বসবাস কৰা ভিন্ন জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিক ঐক্যবদ্ধভাৱে সমন্বয়ৰ ধাৰাটো আগুৱাই নিব লাগে ।”, এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্ম‌ই কালি নিশাৰ ভাগত সৰুপেটাত সামৰণি পৰা “মঞ্চ সৰুপেটা”ৰ ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত সন্ধিয়া স্মৰণিকা উন্মোচন কৰি দিয়া ভাষণত ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই তেওঁৰ ভাষণত পুনৰ কয়, “মঞ্চ সৰুপেটা”ৰ নিচিনা এটা সংগঠনে অকল নাট্যচৰ্চা কৰায়েই নহয়, নাট্য সংস্কৃতিটো জীয়াই ৰখাৰ বাবে অলেখ অৱদান আগবঢ়াইছে । “মঞ্চ সৰুপেটা”ৰ সৱল কাৰ্যক্ৰমণিকা ৰূপায়নৰ বাবে ৰাইজৰ প্ৰেম ভালপোৱা সদায় পাই থাকিব ।” “মঞ্চ সৰুপেটা”ই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি আজি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্য এক গৌৰৱ বুলিও অভিহিত কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে স্বৰচিত অসমীয়া কবিতা পাঠ কৰি “অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি মোৰ প্ৰেম আৰু ভালপোৱা আছে” বুলিও গৌৰৱেৰে কয় ।

অনুষ্ঠানত সন্মানীয় অতিথিৰ ভাষণত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই কয়, “নাটক কেৱল মনোৰঞ্জনেই নহয়, ই এক সাহিত্যকৃতি । নাটক এক পৰিবেশ্য কলা । সকলোতকৈ উত্তম কলা । এখন শক্তিশালী সমাজ নিৰ্মাণত নিজৰ মাজত থকা সৰু-সুৰা মতানৈক্য পৰিহাৰ কৰি সমন্বয়ৰ বাবে আটাইতকৈ শক্তিশালী আৰু নিশ্চিত ভূমিকা গ্ৰহণ কৰিব পাৰে নাটক আৰু সংস্কৃতিয়ে ।”

লগতে প্ৰয়াত ধৰণীধৰ চৌধুৰী আৰু কুলধৰ ডেকা সোঁৱৰণী নাট্য সন্ধিয়া উদ্ধোধন কৰি দিয়া ভাষণত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, “বিশ্বত যদি প্ৰথম নাটক সৃষ্টি কৰিছিল সেয়া হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে । সেই নাটকৰ ধাৰাই অব্যাহত ৰখাৰ বাবে অসমৰ দল-সংগঠনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । গতিকে শ্ৰীমন্ত শংকৰদেৱৰ সুন্দৰৰ নাট্য সংস্কৃতি বৃহত্তৰ অসমৰ লগতে বিশ্বৰ বুকুত জীয়াই ৰাখিব লাগিব ।” ভাষণ প্ৰসংগত মন্ত্ৰী দাসে নাটকৰ মঞ্চত অভিনয় কৰা শিল্পীসকলৰ উপৰিও নেপথ্যত থকা শিল্পীসকলৰ কৰ্মৰাজিৰ বিশেষভাৱে স্মৰণীয় বুলিও উল্লেখ কৰে ।

যুৱ আবৃত্তিকাৰ কীৰ্তিকা মেধিয়ে আত ধৰা স্মৰণিকা উন্মোচন আৰু নাট্য সন্ধিয়া উদ্বোধনী অনুষ্ঠানত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাস, সৰুপেটা হাইস্কুলৰ শিক্ষয়িত্ৰী চয়নিকা ডেকা মজুমদাৰেও ভাষণ দিয়াৰ উপৰিও বড়ো কছাৰী স্বায়ত্বশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো, শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস, বিশিষ্ট সমাজকৰ্মী-প্ৰকৃতিপ্ৰেমী নগেন চৌধুৰীয়েও অতিথিৰূপে উপস্থিত থাকে।

ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ডা: ৰঞ্জন কুমাৰ মহন্তই । বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত পৰিৱেশন কৰে চন্দন কুমাৰ দাস আৰু বিপুল দাসে । ইয়াৰ পাছতেই “মঞ্চ সৰুপেটা”ৰ শিল্পীয়ে নাট্যকাৰ ৰণহাং চৌধুৰী ৰচিত আৰু পৰিচালিত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পূৰ্ণাংগ নাট “প্ৰফেছাৰ কেল্‌ফাছ ফেক্টৰী” সফলতাৰে মঞ্চস্থ কৰে । কালি দিনৰ ভাগত অনুষ্ঠিত বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা জিলা, সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰ, সৰুপেটাৰ আৰ্যভট্ট একাডেমিৰ ৰেক্টৰ কিশোৰ কুমাৰ চৌধুৰী আৰু দক্ষিণ বিজনী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ দাসে অতিথিৰূপে বক্তৃতা প্ৰদান কৰে‌ ।

উল্লেখ্য যে সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত শ্ৰীমন্ত শংকৰদেৱ নাট্য ক্ষেত্ৰত ছয়দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত “মঞ্চ সৰুপেটা”ৰ ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত অসম আগশাৰীৰ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য দলে নাট মঞ্চস্থ কৰাৰ লগতে মধ্য প্ৰদেশ আৰু পশ্চিমবংগৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য দলে চমকপ্ৰদ অভিনয় আৰু কলা কৌশলেৰে নাট মঞ্চস্থ কৰে । তদুপৰি ১৬ জানুৱাৰীৰ পৰা ছয়দিনীয়া ৰূপালী জয়ন্তী উৎসৱ আৰু ৰাষ্ট্ৰীয় নাট সমাৰোহত অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত হয় ।

Exit mobile version