Covid-19 Vaccination : কৰ’না-মুক্তিৰ পাছত বুষ্টাৰ টিকাৰ বাবে অপেক্ষা কৰিব লাগিব তিনি মাহ, নির্দেশনা কেন্দ্রৰ

booster dose op d

দুটা টিকা লোৱাৰ পাছত কৰ’না আক্রান্ত হ’লে, সতর্কতামূলক বুষ্টাৰ টিকা নেগেটিভ ৰিপ’র্ট অহাৰ তিনি মাহ পাছত ল’ব পাৰিব । শনিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা এই বার্তা দিয়া হৈছে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলবোৰক ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ অতিৰিক্ত সচিব তথা নেচনেল হেল্থ মিছনৰ প্রধান বিকাশ শীলে প্ৰেৰণ কৰা পত্ৰত জনোৱা হৈছে, সাধাৰণ টিকাকৰণৰ ক্ষেত্রতো পূৰ্বৰ নিয়ম অটুট থাকিব । অর্থাৎ, কৰ’না আক্রান্তসকলে সুস্থ হোৱাৰ তিনি মাহ পাছত টিকা ল’ব পাৰিব । প্রথম টিকা লোৱাৰ পাছত ক’ভিড-১৯ আক্রান্ত হ’লেও দ্বিতীয় টিকাৰ বাবে সুস্থ হোৱাৰ পাছত তিনি মাহ অপেক্ষা কৰিব লাগিব ।

কৰ’নাৰ টিকাকৰণৰ বাউ ‘নেচনেল এক্সপার্ট গ্রুপ অন ভেকচিন এডমিনিষ্ট্ৰেছন ফৰ ক’ভিভ-১৯’ (এনভেক)-ৰ আবেদনৰ ভিত্তিতেই বুষ্টাৰ টিকাৰ ক্ষেত্রত এই নীতি গ্রহণ কৰা হৈছে । যোৱা তিনি জানুৱাৰীৰ পৰা দেশত ১৫-ৰ পৰা ১৮ বছৰ বয়সৰ সকলৰ টিকাকৰণ আৰম্ভ হৈছে । তেওঁলোকৰ ক্ষেত্রতো কৰ’না-মুক্তিৰ তিনি মাহ পাছত টিকা দিয়াৰ নীতি অটুট থাকিব ।

Exit mobile version