HAL : হেল-এ তৈয়াৰ কৰা পাতল হেলিকপ্টাৰ কিনিব মৰিছাছে, দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ

DhruvMKIII

ভাৰতৰ ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰ’নটিক্স লিমিটেড (হেল)-এ তৈয়াৰ কৰা ‘এডভান্সড লাইট হেলিকপ্টাৰ’ (এএলএইচ) এইবাৰ ভৰি দিছে বিদেশত । ভাৰত মহাসাগৰৰ দ্বীপৰাষ্ট্র মৰিছাছৰ ৰক্ষী বাহিনীৰ বাবে এই কপ্টাৰ ৰপ্তানি কৰিব হেলে । চলিত সপ্তাহতেই এই বিষয়ত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে হেল-ৰ জেনেৰেল মেনেজাৰ বি কে ত্রিপাঠী আৰু মৰিছাছৰ গৃহ সচিব কে দাবেদিনে ।

ভাৰতীয় সেনা আৰু বিমানবাহিনীৰ বাবে পাঁচ দশকৰ পুৰণি চিতা আৰু চেতক হেলিকপ্টাৰৰ পৰিপূৰক হিচাপে কিছু বছৰ পূৰ্বে বহুমুখী ব্যৱহাৰযোগ্য পাতল হেলিকপ্টাৰ (লাইট ইউটিলিটি হেলিকপ্টাৰ বা এলইউএইচ) তৈয়াৰ কৰিছিল হেলে‌ । তাৰেই উন্নততৰ সংস্কৰণ এএলএইচ মার্ক-৩ প্ৰেৰণ কৰা হ’ব মৰিছাছত । সাম্প্রতিক সময়ত লাদাখৰ প্রকৃত নিয়ন্ত্রণৰেখাত (এলএচি) চীনা সেনাৰ স’তে মতবিৰোধিতাৰ সময়ত পঠিওৱা হৈছিল এএলএইচ মার্ক-৩ ।

চাৰে পাঁচ টন শ্রেণীৰ এই কপ্টাৰবোৰ প্রতিকূল পৰিৱেশতো উৰিবলৈ সক্ষম । ৭০ মিলিমিটাৰ ৰকেট ব্যৱহাৰত সক্ষম হ’লেও সেইবোৰে আকাশ যুদ্ধৰ উপযুক্ত ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্র বহন কৰিব নোৱাৰে । প্রসংগত, হেল-এ তৈয়াৰ কৰা পাতল যুদ্ধ হেলিকপ্টাৰ ‘ধ্রুৱ’ বিগত দুই দশক ধৰি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনি শাখা ব্যৱহাৰ কৰে । মৰিছাছৰ আগতে হেলে তৈয়াৰ কৰা এটা এলইউএইচ আৰু ডর্নিয়াৰ ডিঅ’-২২৮ বিমান ব্যৱহাৰ কৰিছে মৰিছাছে ।

Exit mobile version