Heart Health : হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ শীতকালত কোন কেইটা নিয়ম মানি চলা জৰুৰী ?

Feb AmericanHeartMonth

শীতকালত খাদ্য প্ৰণালীত কিছু পৰিৱৰ্তন হয় । অলপ বেছি তেলেতীয়া খাদ্য খোৱা হয়। থাকে চেনী গুড়েৰে তৈয়াৰী বিভিন্ন ধৰণৰ মিঠাইও । ইফালে মাজে সময়ে ৰাতিপুৱা সোনকালে বিছনাৰ পৰা উঠিব মন নোযোৱা। ব্যায়ামৰ নিয়ম ভংগ কৰাকে ধৰি এই সময়ত হয় বিভিন্ন ধৰনৰ ৰোগ।লগতে আছে হাৰ্টৰ সমস্যা ।

আমাৰ হৃদযন্ত্ৰ সুস্থ ৰখাৰ বাবে জীৱনত কিছুমান নিয়ম বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। শীতকালত কোন কেইটা নিয়ম মানি চলিলে যত্ন সুস্থ থাকিব হৃদযন্ত্ৰ ?

(১) প্ৰতিদিনে ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি এই সময়ত বাহিৰলৈ গৈ ব্যায়াম কৰিব নিবিচাৰে, কিছু সময়ৰ বাবে ঘৰত ব্যায়াম কৰক।

(২) অতিৰিক্ত চৰ্বি হৃদযন্ত্ৰৰ বাবে বেয়া। আপোনাৰ দৈনন্দিন আহাৰত স্বাস্থ্যকৰ খাদ্য ৰাখিবলৈ চেষ্টা কৰক। যিসমূহ খাদ্যত অধিক খনিজ আৰু আঁহ থাকে সেইসমুহ খাদ্য খাওক ।

(৩) মানসিক চাপ কোনো বতৰ দেখি নহয় । তথাপিও শীতকালত চাপৰ শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।

(৪) যিকোনো সময়তে স্বাস্থ্যৰ যত্ন লোৱাত টোপনিয়ে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই বিভিন্ন স্বাস্থ্য সমস্যা দূৰ কৰে।

(৫) অতিৰিক্ত চেনী বা অত্যাধিক নিমখ, একোৱেই হৃদযন্ত্ৰৰ বাবে ভাল নহয়। ই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। এই ধৰণৰ খাদ্য শীতকালত বন্ধ কৰিব লাগে।

Exit mobile version