New Zealand PM: ক’ভিড বিধি মানি নিজৰ বিয়া বাতিল কৰিলে এইখন দেশৰ প্রধানমন্ত্রীয়ে

সবিশেষ জানক

jq03m5fg prime minister jacinda ardern

নিজৰ দীর্ঘদিনীয়া সঙ্গীৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল । কিন্তু দেশত অ’মিক্ৰন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত নাকচ কৰিলে প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে ।

দেওবাৰে তেওঁৰ সিদ্ধান্তৰ সন্দৰ্ভত জেচিণ্ডাই কয়, “ক’ভিড পৰিস্থিতিত অতি বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱা সকলৰ স’তে একত্ৰিত হৈ মই এই সিদ্ধান্ত লৈছো। নতুন নিয়ম অনুসৰি, নিউজিলেণ্ডত ১০০ জন আমন্ত্ৰণকাৰীৰ স’তে এনে অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰি। অনুষ্ঠানটোৰ সকলোৰে বাবে দুটাকৈ ভেকছিন লোৱাটো বাধ্যতামূলক।

একেটা পৰিয়ালৰ নজন লোক শনিবাৰে দেশখনত অ’মিক্ৰন ধৰা পৰিছিল। তেওঁলোকৰ প্ৰত্যেকেই দেশৰ আন এখন চহৰত এখন বিয়ালৈ গৈছিল। ইয়াৰ পাছত চৰকাৰে দেওবাৰে নিশাৰ পৰা কঠোৰ ক’ভিড নিষেধাজ্ঞা জাৰি কৰে । ভিৰ নিয়ন্ত্ৰণ কৰা আৰু বজাৰ আৰু ৰাজহুৱা পৰিবহনত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। এই পৰিস্থিতিত নিজৰ বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

 

তেওঁৰ কয়, “মই দেশৰ অন্য পাঁচজন লোকতকৈ পৃথক নহয়। ক’ভিডৰ ফলত লোকসকল অসুস্থ হৈ পৰিছে, তেওঁলোকে তেওঁলোকৰ প্ৰিয়জনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হৈছে। এইটো মোৰ বাবে কম বেদনাদায়ক নহয়।

আৰ্ডেনে অলপতে তেওঁৰ দীৰ্ঘদিনীয়া সঙ্গী ক্লাৰ্ক গেফৰ্ডৰ স’তে বিবাহৰ কথা ঘোষণা কৰিছিল। কিন্তু তেওঁ কেতিয়া বিয়া হ’ব সেয়া কোৱা নাছিল। যদিও তেওঁলোকে অহা কেইসপ্তাহমানৰ ভিতৰত বিবাহ পাশত আৱদ্ধ হ’ব পাৰে বুলি অনুমান কৰা হৈছিল । কিন্তু প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে বিবাহখন বৰ্তমানৰ বাবে পিছুৱাই দিয়া হ’ব।

এতিয়ালৈকে নিউজিলেণ্ডত মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১৫হেজাৰ ১০৪ আৰু মৃত্যু হৈছে ৫২জনৰ।

Exit mobile version