‘বলিউড দুৰ্নীতিগ্ৰস্ত !’ পুনৰ বিতৰ্কত কংগণা

Kangana

মুখ খুলিলেই সৃষ্টি হয় বিতৰ্ক ! বহুদিনৰ আগতেই বলিউডত নিজৰ নামৰ লগত বিতৰ্ক কুইন শব্দটোৰ লগত সাঙোৰ খালে অভিনেত্ৰী কংগণা ৰাণৌৱত ।

আৰু এতিয়া দেশ বিদেশত ঘটি থকা যিকোনো ঘটনাৰ বিষয়ে বিভিন্ন সময়ত মন্তব্য কৰা দেখা যায় অভিনেত্ৰীগৰাকীক । ফলস্বৰূপে, বিভিন্ন সময়ত বিতৰ্কৰ মাজত সাঙুৰ খাই থাকে কংগণা ।

কেতিয়াবা কৰণ জোহৰৰ স’তে হোৱা বিতৰ্ক, কেতিয়াবা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যক লৈ বিতৰ্ক সকলো সময়তে চর্চাত থাকে কংগণা।

এইবাৰ পুনৰ নতুন বিতৰ্কৰ মাজত অভিনেত্ৰীগৰাকী । এইবাৰ অভিনেত্ৰীগৰাকীয়ে দক্ষিণৰ চলচ্চিত্ৰ, দক্ষিণৰ অভিনেতাসকলক প্ৰশংসা কৰি চর্চাত কুইন ।

ইনষ্টাগ্ৰাম ষ্টৰিত বলীউডক দুর্নীতিগ্ৰস্ত বুলি সম্বোধন কৰিলে কংগণাই । লগতে স্পষ্টকৈ জনালে,ঠিক কিয়, দক্ষিণৰ চলচ্চিত্ৰ আৰু দক্ষিণৰ তাৰকাসকলৰ ইমান সফল !

ইনষ্টাগ্ৰামত কি লিখিলে কংগণাই ?

কংগণাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰিত আল্লু অৰ্জুনৰ ‘পুষ্পা’ আৰু ‘কেজিএফ’ৰ ছবিৰ দুখন ফটো প’ষ্ট কৰি লিখিলে,’দক্ষিণৰ চলচ্চিত্ৰ আৰু দক্ষিণৰ তাৰকাসকল ইমান সফল হোৱাৰ এই তিনিটা কাৰণ।

(১) দক্ষিণৰ চলচ্চিত্ৰসমূহ সম্পূৰ্ণৰূপে ভাৰতীয় সংস্কৃতিৰ স’তে সম্পৰ্কিত।

(২) দক্ষিণৰ লোকসকলে তেওঁলোকৰ নিজৰ পৰিয়াল, সম্পৰ্কক গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত, তেওঁলোকে পাশ্চাত্যক একেবাৰে অনুসৰণ নকৰে।

(৩) কামটোৰ প্ৰতি দক্ষিণৰ কলাকুশলীসকলৰ সমৰ্পণ হিংসাৰ দৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগটোৱে বলীউডৰ বিষয়ে গুৰুত্ব নিদিয়ে। তেওঁলোকে নিজকে বলীউডৰ দুৰ্নীতিগ্ৰস্তৰ পৰা আঁতৰাই ৰাখে। ‘

Exit mobile version