বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

আজি বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । প্ৰত্যেক্ষদৰ্শীৰ মতে ,বৰপেটাৰ পৰা আহি থকা এ এচ ১৫ জে ৬২৬৫ নম্বৰৰ ইয়ন গাড়ী আৰু ছুনপুৰাৰ পৰা গৈ থকা এ এচ ১৫ এ চি ১১২০ নম্বৰৰ বলেৰো পিক আপৰ মাজত হয় এই মুখামুখি সংঘৰ্ষত ।

সংঘৰ্ষত কোনো মতে প্ৰাণ ৰক্ষা পৰে কেবাজনো পথচাৰীৰ। নিচাসক্ত হৈ গাড়ী চলোৱা বুলি ৰাইজৰ সন্দেহ।

পাছত ঘটনাস্থলীত উপস্থিত হয় বৰপেটাৰ আৰক্ষী। গাড়ী দুখন আৰক্ষীয়ে থানালৈ লৈ যায় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Exit mobile version