১৯৫০ ৰ পাছত দিল্লীত জানুৱাৰীত হ’ল সৰ্বাধিক বৃষ্টিপাত

gnfa0un8 delhi rains pti 625x300 20 july 18 1564040064

দিল্লীত প্রচণ্ড শীতৰ মাজতে চলিত মাহত হ’ল সর্বাধিক বৃষ্টিপাতৰ অভিলেখ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শনিবাৰে নিশা হােৱা বৃষ্টিপাতৰ পাছত জানুৱাৰীত দিল্লীত মুঠ ৮৮.২ মিলিমিটাৰ বৃষ্টিপাত হ’ল।

১৯৫০ বৰ্ষৰ পাছত এয়ে প্রথমবাৰ জানুৱাৰীত দেশৰ ৰাজধানী চহৰত সর্বাধিক বৃষ্টিপাত হ’ল। দিল্লীত দেওবাৰে ন্যূনতম তাপমাত্রা স্বাভাৱিকতকৈ তিনি ডিগ্রী অধিক ১০.৫ ডিগ্ৰী ছেলচিয়াছ আছিল।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯৫০ৰ পৰা ২০২২ৰ সময়ছােৱাত জানুৱাৰীত সর্বাধিক বৃষ্টিপাত হ’ল চলিত মাহত। ইয়াৰ পূর্বে দেশৰ ৰাজধানী চহৰখনত ১৯৮৯ত সর্বাধিক ৭৯.৭ মিলিমিটাৰ আৰু ১৯৫৩ত ৭৩.৭ মিলিমিটাৰ বৃষ্টিপাত হৈছিল জানুৱাৰীত।

Exit mobile version