Covid – 19 :সাংসদত ক’ভিডৰ আতংক ! কৰ’নাত আক্ৰান্ত ৮৭৫ কৰ্মী

362359 parliamnet

কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা ২০ জানুৱাৰী পৰ্যন্ত সংসদৰ কমেও ৮৭৫ জন কৰ্মী ক’ভিডত আক্ৰান্ত হৈছে। আনহাতে ভেংকায়া নাইডু আক্ৰান্ত ক’ভিডত । ইফালে, অধিৱেশনৰ সময়ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়েও ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে সভাপতিত্ব কৰে।

সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি, কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ ফলত সৃষ্টি হোৱা তৃতীয় ঢৌৰ ফলত সংসদৰ বাজেট অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সংসদত ২,৮৪৭ জন লোকক কৰ’নাৰ পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত ২০ জানুৱাৰী পৰ্যন্ত পোৱা প্ৰতিবেদনত ৮৭৫ টা নমুনা ক’ভিড পজিটিভ প্ৰমাণিত হৈছে ।

ইফালে, বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ প্ৰথম অংশ ১১ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। মুঠ পৰীক্ষাৰ ভিতৰত, ৯১৫ খন ৰাজ্যসভা সচিবালয়ত কৰা হৈছিল, যাৰ ভিতৰত প্ৰায় ২৭১ টা নমুনাত সংক্ৰমণ হোৱা দেখা গৈছিল।

ভেংকায়া নাইডুয়ে দেওবাৰে বাজেট অধিৱেশনৰ পূৰ্বে ক’ভিড-১৯ পৰীক্ষা কৰাইছিল। নাইডু দ্বিতীয়বাৰৰ বাবে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ে টুইট কৰি কয়, “হায়দৰাবাদত থকা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু ক’ভিডত আক্ৰান্ত হৈছে। তেওঁ এসপ্তাহৰ বাবে কোৱাৰেন্টাইনত থকাৰ সিদ্ধান্ত লৈছে। তেওঁ তেওঁৰ সংস্পৰ্শলৈ অহা সকলক নিজকে নিভৃতবাসত ৰাখি ক’ভিড পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিছে।” বুধবাৰে নাইডুৱে গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা নাই।

Exit mobile version