ভাওৰাগুৰীৰ সাতবিলত অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন

965d5b33 66f6 421e 8b3a 5a0fd4bcec51

গোসাইগাও মহকুমাৰ কচুগাও উন্নয়নখণ্ড তথা অন্থাইবাৰী ভিচিডিচিৰ অন্তৰ্গত সাতবিল দ্বিতীয় খণ্ডত অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে গুমা সমষ্টিৰ টিছিএলছিছিৰ অধক্ষ্য নুৰ হুচেইন আনছাৰীয়ে।

২০২১-২২ বৃত্তীয় বৰ্ষৰ এমজিএনৰেগা আচনিৰ অধিনত ছয় লাখ টকা আৱণ্টিত ধনেৰে নিৰ্মাণ হব লগা ৬৫ নং অংগনবাদী কেন্দ্ৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰি টিছিএলছিছিৰ অধক্ষ্য নুৰহুচেই আনছাৰীয়ে কয় যে ইমান দিনে এই অঞ্চলত অংগনবাদী কেন্দ্ৰৰ গৃহ নথকাৰ বাবে কণ কণ শিশুবোৰৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল এতিয়া এই অংগনবাদী গৃহটো নিৰ্মাণ কৰাত কণ কণ শিশু সকলে শিক্ষাৰ লগতে অংগনবাদী কেন্দ্ৰৰ সকলো সুবিধা লাভ কৰিব।

আজিৰ এই অনুষ্ঠানত টিছিএলছিছিৰ অধক্ষ্যৰ লগতে অন্থাইবাৰী ভিচিডিচিৰ অধক্ষ্য আব্দুল জলিল খান,ইউপিপিএল অন্থাইবাৰী প্ৰাইমেৰী সাধাৰণ সম্পাদক আক্তাৰ হুছেইন,জি পি ছি পিন্টু পাঠক, ইঞ্জিনিয়াৰ নমিতা নাৰ্জাৰী,গাৱৰ গাওবুঢ়াৰ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Exit mobile version