Visakhapatnam : সকলো সময়তে মোবাইলত ব্যস্ত, কন্যাক ধৰ্ষণ কৰি ‘শাস্তি’ পিতৃৰ !

1631625931 sexual assult representetive image

কন্যা সদায় ব্যস্ত হৈ থাকে নিজৰ মোবাইলত । বাধা দিলেও কথা নুশুনে কন্যাই । শেষত ১৫ বছৰীয়া কন্যাক যৌন নিৰ্যাতন চলালে পিতৃয়ে !

এই চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হৈছে বিপাখাপত্তনমত। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ পিতৃক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নাবালক ছোৱালীজনীয়ে ফোনত অধিক সময় অতিবাহিত কৰিছিল। এই খঙত, ৪২ বছৰীয়া পিতৃয়ে কন্যাক কেবাবাৰো যৌন নিৰ্যাতন চলাইছিল।

যদিও ভয় আৰু লাজৰ বাবে, কিশোৰীগৰাকীয়ে প্ৰথমতে মুখ খুলিব নোৱাৰিলে। তাৰ পাছত তেওঁ এজন শিক্ষকক সকলো কথা কয়। এই সকলোবোৰ শুনি শিক্ষকজন হতবাক হয় আৰু লগে লগে অভিযুক্ত পিতৃক মাতিলে।

শিক্ষকজনৰ মতে, পিতৃয়ে স্বীকাৰ কৰিছিল যে তেওঁৱেই ছোৱালীজনীক যৌন নিৰ্যাতন কৰে। নিজৰ এই কামৰ বাবে পিতৃয়ে ক্ষমাও বিচাৰিছিল।

শিক্ষকজনে কিশোৰীগৰাকীক লৈ আৰক্ষী চকীলৈ যায় আৰু আৰক্ষী থানাত ৪২ বছৰীয়া ব্যক্তিজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে।

Exit mobile version