বিটিআৰ অঞ্চলত মাটি কিনা বেচাত অসুবিধাত পৰিছে কোচৰাজবংশী জনগোষ্ঠী

অচিৰেই সমস্যা সমাধানৰ দাবী কোচৰাজবংশী সন্মিলনীৰ

বিটিআৰ অঞ্চলত মাটি কিনাবেচাত অসুবিধাত পৰিছে ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠী । যিসময়ত বড়ো জনগোষ্ঠীও লোক সকল মাটি কিনা বেচাত কোনো অসুবিধাৰ সন্মূখীন হোৱা নাই তেনে সময়ত বিটিআৰ অঞ্চলত ভূমিপুত্ৰ কোচৰাজবংশী সকল অসুবিধাৰ সন্মূখীন হৈছে ।

অসমৰ মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চীফ প্ৰমোদ বড়োয়ে বিভিন্ন সভায় সমিতিয়ে বিটিআৰ অঞ্চলত মাটি কিনা বেচাৰ সংক্ৰান্তত একো অসুবিধা নহয় বুলিদিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে বিটিআৰ অঞ্চলত ।

বৰ্তমান বিটিআৰ অঞ্চলত বসবাস কৰা কোচৰাজবংশী জনগোষ্ঠীও লোক সকল মাটি কিনা বেচা কৰিব পৰা নাই বুলি অভিযোগ সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষিন্দ্ৰ ৰায়ৰ ।

আজি এক সাক্ষাৎ কাৰত সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষিন্দ্ৰ ৰায়ে কয় যে ভূমিপুত্ৰ কোচৰাজবংশীসকল এতিয়া মাটি কিনাবেচাৰ ক্ষেত্ৰত যি ধৰনৰ অসুবিধাৰ সন্মূখীন হৈছে ।

এইঅসুবিধাৰ অলপ দিনৰ ভিতৰতে সমাধান অসমৰ মূখ্য মন্ত্ৰী আৰু বিটিআৰ প্ৰশাসনে কৰিব লাগে । যদি এই সমস্যা সমাধান নকৰে অনাগত দিনত গনতান্ত্ৰিক ভাবে আন্দোলন কাৰ্যসূচী গ্ৰহন কৰিব বুলিও প্ৰকাশ কৰে ।

সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষিন্দ্ৰ ৰায়ে আৰু কয়যে বিটিআৰ অঞ্চলত বড়ো জাতি জনগোষ্ঠীৰ দৰে কোচৰাজবংশী সকলোও মাটি কিনাবেচা কৰিব পাব লাগিব । কাৰণ কোচৰাজবংশী জনগোষ্ঠীও লোক সকলো ইয়াৰ ভূমিপুত্ৰ বুলি দাবি কৰে ।

লগতে বাগসা আৰু ওদালগুৰীৰ কোচৰাজবংশী সকলোক প্ৰটেক্টেট ক্লাচ হিচাপে সুৰক্ষা কবচ প্ৰদান কৰাৰো দাবী উত্থাপন কৰে ।

Exit mobile version