বিবাহপাশত আৱদ্ধ মৌনী ৰয়,সামাজিক মাধ্যমত ভাইৰেল ফটো

1009173 mouni roy wedding

প্ৰেমিক সূৰজ নাম্বিয়াৰৰ স’তে বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ অভিনেত্ৰী মৌনী ৰয় (Mouni Roy)। কিছু সময়ৰ পৰা, তেওঁৰ বিবাহৰ (Mouni Roy) উৰাবাতৰি ওলাই আহিছে।

ADVERTISEMENT

অৱশেষত প্রেমিকৰ স’তে বিবাহত বহিল অভিনেত্ৰীগৰাকী ।অভিনেত্ৰীগৰাকীয়ে গোৱাত দক্ষিণ ভাৰতীয় ৰীতি অনুসৰি বিবাহত বহে । যদিও অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ ফটো শ্বেয়াৰ কৰা নাছিল, তেওঁৰ বিবাহৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।

বুধবাৰৰ পৰা আৰম্ভ হৈছে মৌনী ৰয়ৰ বিবাহ অনুষ্ঠান । যি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বলীউডৰ কেবাজনো তাৰকাই তেওঁলোকৰ সামাজিক মাধ্যমৰ হেণ্ডেলত মৌনী ৰয়ৰ মেহেন্দিৰ পৰা হালধীৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছে।

সৰু পৰ্দাৰ জনপ্ৰিয় তাৰকা অৰ্জুন বিজলানিৰ পৰা অভিনেত্ৰী মাণ্ডিৰা বেদীয়ে ‘নাগিন’ অভিনেত্ৰীগৰাকীৰ বিবাহ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছিল।

মৌনী ৰয়ৰ বিয়াৰ কেবাখনো ফটো আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰে ভিতৰৰ ছবিখনত, দৰা আৰু কইনাক দক্ষিণ ভাৰতীয় বিবাহৰ পোছাক পিন্ধা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে ৰঙা আৰু বগা শাৰী পৰিধান কৰে।

Exit mobile version