Missing Youth in Arunachal pradesh : অৰুণাচলৰ সন্ধানহীন কিশোৰক ভাৰতীয় সেনাৰ হাতত তুলি দিলে চীনা সেনাই

1643281355 china

বিগত ১৮ জানুৱাৰী চিয়ুংলাৰ পৰা নিৰুদ্দেশ হৈছিল ১৭ বছৰীয়া মিৰাম তাৰণ । বৃহস্পতিবাৰে তেওঁক ভাৰতীয় সেনাৰ হাতত গতাই দিলে চীনে । কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট কৰি কয়, “কিশোৰ মিৰাম তাৰণক পিপলছ লিবাৰেচনআৰ্মীয়ে (পিএলএ) ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰিছে। তেওঁৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে। ‘

বুধবাৰে, ৰিজিজুৱে জনাইছিল, ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন কিশোৰজনক দ্ৰুতগতিত স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰি আছে।তাৰ ২৪ ঘন্টাৰ ভিতৰতে ভাৰতত উপস্থিত হ’ল মিৰাম।

১৮ জানুৱাৰীত অৰুণাচল প্ৰদেশৰ ভাৰত -চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ লুংটা জুৰৰ পৰা নিৰুদ্দেশ হৈ গৈছিল মিৰাম । ৰাজ্যিক বিজেপিৰ সাংসদ তাপিৰ গাওৱে পিছদিনা দাবী কৰে যে কিশোৰজনক চীনা সৈন্যই অপহৰণ কৰিছিল। তাৰ পাছতেই বিষয়টোক লৈ হুলস্থুল হৈ পৰে।

ভাৰতীয় সেনাই চীনা সেনাৰ স’তে যোগাযোগ কৰিছিল। ২৩ জানুৱাৰীত, ভাৰতীয় সেনাই কয় যে পিএলএ-য়ে সন্ধানহীন কিশোৰজনক বিচাৰি পাইছে। সেনাৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে এক বিবৃতিত কয় যে তেওঁক ঘূৰাই দিয়াৰ কাম চলি আছে।

Exit mobile version