প্ৰথমবাৰলৈ জেমছ ব’ণ্ডৰ চৰিত্ৰত অভিনয় কৰিব পাৰে কৃষ্ণাংগ অভিনেতাই

Idris Elba GQ

হলিউডৰ বিখ্যাত চোৰাংচোৱা চলচ্চিত্র ছিৰিজ ‘জেমছ ব’ণ্ডৰ পৰৱর্তী ছবিত প্রথমবাৰলৈ ব’ণ্ডৰ চৰিত্ৰত প্রত্যক্ষ হ’ব পাৰে এজন কৃষ্ণাংগ অভিনেতাক।

প্রকাশিত বাতৰি অনুসৰি, ‘জেমছ ব’ণ্ড’ৰ নিৰ্মাতাই ‘০০৭’ ছিৰিজৰ পৰৱর্তী ছবিত হলিউডৰ বিখ্যাত অভিনেতা ইদ্রিছ এলবাক ব’ণ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে নির্বাচন কৰাৰ সম্ভাৱনা আছে।

যদিহে এলবাকে এই সুযােগ লাভ কৰে তেন্তে ৪৯ বছৰীয়া অভিনেতাজন ব’ণ্ড চৰিত্ৰত অভিনয় কৰা সপ্তমজন অভিনেতা হিচাপে পৰিচিত হ’ব। বণ্ড ছিৰিজৰ প্রযােজকে সম্প্রতি এনে এক ইংগিত সাক্ষাৎকাৰত দিলে।

এলাকৰ লগতে ব’ণ্ড ছিৰিজত পৰৱর্তী ছবিত এই চৰিত্ৰত অভিনয়ৰ বাবে টম হার্ডি, বিচার্ড মেইডেন, চিলিয়ন মার্ফি, হেনৰি কেভিল, টম হিডলষ্টন আদিৰ নামাে বিবেচনা কৰা হৈছে।

অৱশ্যে এতিয়ালৈকে পৰৱর্তী জেমছ ব’ণ্ডৰ অভিনেতাৰ নাম স্থিৰ কৰা হােৱা নাই। ২০০৬ৰ পৰা জেমছ ব’ণ্ডৰ ছবিত এই বিখ্যাত চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰি আহিছে ডেনিয়েল ক্রেইগে।

Exit mobile version