ভাওৰাগুৰী আৰক্ষী চকীত গাওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

5c02ad9b fae9 43ea ac06 c8e565ed6d03

১৯৪৯ চনত আজিৰ দিনটোতে নিজৰ গাওখন নিজেই শৃংখলাবদ্ধ ভাৱে সু-পৰিচালিত কৰাৰ উদ্দেশ্য লৈ গাওৰক্ষী বাহিনীৰ গঠন হৈছিল।

আজি গাওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস।গাওৰক্ষী বাহিনীৰ ভাওৰাগুৰী আৰক্ষী চকী সমিতিৰ উদ্যোগত গোসাইগাও আৰক্ষী থানাৰ অন্তৰ্গত ভাওৰাগুৰী আৰক্ষী চকীত গাওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। কাৰ্যসূচী মতে, পুৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে ভাওৰাগুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া ব্ৰিজেশ কুমাৰে।

তাৰ পাছত গাওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন শ্ৰদ্ধাঞ্জলিৰে ক’ভিড প্ৰট’কল মানি অনুষ্টুপিয়াকৈ পালন কৰে প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱস পালন কৰি গাওৰক্ষী বাহিনী ভাওৰাগুৰী আৰক্ষী চকী সমিতিৰ সভাপতি বদিয়ত জামালে কয় যে গাওৰক্ষী বাহিনী আৰু আৰক্ষী একে মূদ্ৰাৰ ইপিঠি সিপিঠি।

আৰক্ষীৰ কামত ইমানদিনৰ পৰা সহায় কৰাৰ লগতে গাওত বাল্য বিবাহ, কু-সংস্কাৰ ৰোধ কৰা,সজাগতা সভাৰ জৰিয়তে ৰাইজক সজাক কৰা আদি বিভিন্ন কাম আহিছো আৰু অনাগত দিনত কৰি যাম।

আজিৰ এই অনুষ্ঠানত ভাওৰাগুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া,গাওৰক্ষী বাহিনী ভাওৰাগুৰী আৰক্ষী চকী সমিতিৰ সভাপতি বদিয়ত জামাল, সম্পাদক অৰবিন্দ বৰ্মণৰ লগতে ভাওৰাগুৰী আৰক্ষী চকী সমিতিৰ অন্তৰ্গত বিভিন্ন গাৱৰ গাওৰক্ষী বাহিনীৰ সম্পাদক সকল উপস্থিত থাকে।

Exit mobile version