ৰাজ্যত বৈধ হ’ব কয়লা-চুপাৰিৰ সৰবৰাহ

Coal Crisis

অসমত কয়লা আৰু চুপাৰিৰ চোৰাং ব্যৱসায় ৰােধৰ বাবে ৰাজ্য চৰকাৰে মানসম্পন্ন পৰিচালনা পদ্ধতি (এছ অ’ পি) প্রস্তুত প্রক্রিয়া আৰম্ভ কৰিছে।

তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হয় মন্ত্রীদ্বয় যােগেন মহন আৰু বিমল বৰা।তেওঁলােকে কাছাৰ আৰু কৰিমগঞ্জৰ জিলা প্রশাসনৰ লগতে স্থানীয় নাগৰিক আৰু ব্যৱসায়ীৰ লগত অহা দুদিন বার্তালাপ কৰিব।

মুখ্যমন্ত্ৰীয়ে যােৱা ডিচেম্বৰত অনুষ্ঠিত বিধানসভাৰ অধিবেশনত ঘােষণা কৰিছিল যে জানুৱাৰীৰ প্রথম পষেকৰ ভিতৰত কয়লা আৰু চুপাৰিক লৈ এছ অ’ পি ঘােষণা কৰা হ’ব।

অৱশ্যে প্রক্রিয়াটো লেহেমীয়া হােৱাত শুকুৰবাৰৰ পৰাহে ইয়াৰ আনুষ্ঠানিকতা আৰম্ভ হয়। উল্লেখ্য যে অসমত কয়লা আৰু ম্যানমাৰৰ চোৰাং চুপাৰিৰ ৰমৰমীয়া বজাৰ চলি আহিছে।

কয়লা আৰু চুপাৰিৰ চোৰাং বজাৰখন অসমত বৰাক উপত্যকাৰ পৰা বিশেষভাৱে আৰম্ভ হয়। ম্যানমাৰৰ চুপাৰি-মিজোৰামৰ পৰা বৰাক উপত্যকাৰে অসমত প্ৰৱেশ কৰে।

তেনেদৰে মেঘালয়ৰ চোৰাং কয়লাও বৰাক হৈয়ে অসমত সােমায়। ম্যানমাৰৰ চোৰাং চুপাৰিৰ বাবে অসমত উৎপাদিত চুপাৰিৰ বজাৰতাে মাধমাৰ পৰিছে। স্থানীয় আৰু ম্যানমাৰৰ চুপাৰিৰ প্রভেদ সহজতে চকুত নপৰাটোৱে চোৰাং বজাৰখনত অধিক ইন্ধন যােগাইছে।

প্রসংগক্রমে উল্লেখ্য যে বৰাকৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত প্ৰচুৰ পৰিমাণে চুপাৰি উৎপাদন হয়। নগাঁৱকে ধৰি ব্রহ্মপুত্র উপত্যকাৰাে কেবাখনাে জিলাত চুপাৰিৰ উৎপাদন হয়। চোৰাং চুপাৰিৰ ব্যৱসায় ৰােধ কৰাৰ কৌশল হিচাপে যােৱা ডিচেম্বৰত ৰাজ্য চৰকাৰে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ চুপাৰিৰ গুদামবােৰ বন্ধ কৰি দিয়ে।

ফলত সেইবােৰত জমা থকা স্থানীয় চুপাৰিৰ বজাৰখনাে বন্ধ হৈ পৰাত ব্যৱসায়ীসকল লােকচানৰ সন্মুখীন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে চৰকাৰে
এছ অ’ পি প্রস্তুতত আগবাঢ়িছে।

Exit mobile version