Covid -19 ক’ভিডৰ প্ৰভাৱত হ্ৰাস হ’ব পাৰে শ্ৰৱণশক্তি

1643436556 81650722

কৰ’নাৰ তৃতীয় ঢৌত আক্রান্তসকলৰ শাৰীৰিক উপসর্গ পূৰ্বৰ দুবছৰৰ তুলনাত তুলনামূলকভাৱে বহুত কম। কিন্তু অধিক সংক্ৰামক। ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ পাছতো শাৰীৰিক সমস্যাবোৰ দীৰ্ঘস্থায়ী হয় । বিশেষজ্ঞসকলে যাক ‘লং ক’ভিড’ বুলি চিনাক্ত কৰিছে।

অৱশ্যে, শেহতীয়া এক অধ্যয়নত কোৱা হৈছে যে চৰ্দি, কাহ, জ্বৰ, ডিঙিৰ বিষৰ দৰে শাৰীৰিক লক্ষণৰ স’তে, বহুলোকে শ্ৰৱণ শক্তিও হেৰুৱাইছে।এই সমস্যাটো আক্ৰান্ত থকাৰ সময়ত অথবা ক’ভিড পৰৱৰ্তী সময়ত দেখা যাব পাৰে।

এই অধ্যয়নটো নিউয়ৰ্কৰ বাফেলো বিশ্ববিদ্যালয় আৰু বষ্টনৰ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ আই এণ্ড এই গৱেষণা কৰিছিল।

গৱেষণা অনুসৰি, ক’ভিড আক্ৰান্ত লোকসকলে শাৰীৰিক লক্ষণ যেনে কাণৰ বিষ, কাণত ভিতৰৰ ভো ভো শব্দ, আনকি শ্ৰৱণ শক্তি হ্ৰাস অনুভৱ কৰি আছে।

আনকি ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতো, বহুলোক কাণ সম্পৰ্কীয় এই সমস্যাত ভুগি আছে। অৱশ্যে, অ’মিক্ৰনৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ ক্ষেত্ৰত ক’ভিডৰ আটাইতকৈ নতুন ৰূপত এতিয়ালৈকে লক্ষণবোৰ দেখা পোৱা হোৱা নাই।

ক’ভিডত আক্ৰান্ত আঠৰ পৰা ১৫ শতাংশ প্ৰাপ্তবয়স্কই কিছুমান লক্ষণ অনুভৱ কৰি আছে যেনে এই শ্ৰৱণ শক্তি হ্ৰাস বা কাণৰ বিষ, যি এফালে বিৰক্তিকৰে আৰু লগতে উদ্বেগজনক।

চিকিৎসকসকলে কয় যে কৰ’নাৰ শেহতীয়া ঢৌত শ্ৰৱণৰ সমস্যাবোৰ অধিক কৈ সন্মুখলৈ আহিছে, কিন্তু ক’ভিডৰ দ্বিতীয় ঢৌত, কেবাজনো লোকে এই সমস্যাৰ সন্মুখীন হৈছে।

যদি সংক্ৰমিত অৱস্থাত কাণৰ সমস্যা হয়, প্ৰথমে এজন ইএনটি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা টো গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও, বিশেষজ্ঞসকলৰ মতে,কেইটামান পদ্ধতি যেনে, কিছুমান পদ্ধতি যেনে গভীৰ উশাহ-নিশাহৰ ব্যায়াম, ভেচোডিলেচন আৰু ষ্টেৰইড থেৰাপী আদি, এই ক্ষেত্ৰত প্ৰাথমিক সহায় কৰিব পাৰে।

Exit mobile version