কংগ্রেছৰ কার্যকালৰ কৃষি কেলেংকাৰিৰ তদন্ত আৰম্ভ

download 2

বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ২০১০-১১ৰ পৰা ২০১৩-২০১৪ বিত্তীয় বর্ষলৈ ৰাষ্ট্ৰীয় কৃষি বিকাশ যােজনাৰ অধীনত সংঘটিত হােৱা প্রায় সাতশ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ গােচৰৰ তদন্ত দীর্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ কৰিছে।

ADVERTISEMENT

তদন্তকাৰী সংস্থা চিআইডিয়ে। এপিডব্লিউৰ অভিযােগৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/৪২০/৪০৬, দুর্নীতি প্রতিৰােধ আইনৰ ধাৰা ১৩ (১) (চি) (২)ৰ অধীনত চিআইডিয়ে ৫৬/২০১৪ নম্বৰত ৰুজু কৰা গােচৰটোৰ তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছিল আৰু শনিবাৰে বিশেষ আদালতত জব্দকৃত নথিসমূহ তদন্তকাৰী বিষয়াই প্রত্যক্ষ কৰায়।

গােচৰটোৰ তদন্ত প্রক্রিয়া পুনৰ আৰম্ভ হােৱাৰ পাছত অভিযােগকাৰী এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে তদানীন্তন কৃষিমন্ত্রী নীলমণি সেন ডেকাৰ কার্যকালত কৃষি বিভাগত প্রায় সাতশ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছিল।

এই গােচৰত পাঁচ নে ছজন পুঠি-খলিহনাৰ বিৰুদ্ধে ইতিমধ্যে অভিযােগনামা দাখিল কৰিছে চিআইডিয়ে। এই কেলেংকাৰিৰ মূল অভিযুক্ত অর্থাৎ নডেল বিষয়া কৈলাশ চন্দ্র তালুকদাৰক আজিলৈকে সােধ-পােছ নকৰিলে বুলি ক্ষোভ প্রকাশ কৰি শৰ্মাই পুনৰ কয় যে মূল অভিযুক্তজনক আজিলৈকে সােধ-পােছ নকৰা বিষয়টো আচৰিত কথা আৰু চিআইডিত গােচৰ তৰা মানে কিছুমান বিষয়াক ধনী কৰা।

নতুন মুখ্যমন্ত্ৰীয়ে যদি কিবা কৰে নাজানাে, কিন্তু পূর্বৰ জনে একো নকৰিলে বুলি তেওঁ উল্লেখ কৰি ন’ডেল বিষয়া তালুকদাৰৰ নেতৃত্বতে এই বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল বুলি দাবী কৰে।

Exit mobile version