ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে প্রধানমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন

vbk pragyaraj twitter

ক’ভিডৰ প্রথম ঢৌৰ সংক্রমণ ৰােধ কৰিবলৈ দেশজুৰি বলৱৎ হােৱা দীঘলীয়া তলাবন্ধৰ ফলত বাৰুকৈয়ে ক্ষতিগ্রস্ত হােৱা পদপথৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ২০১৯ৰ পহিলা জুনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আৰম্ভ কৰা ‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি’ত ভুৱা হিতাধিকাৰীৰে ভৰি পৰাৰ গুৰুতৰ অভিযােগ উত্থাপন হৈছে।

উল্লেখ্য যে ‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ মুঠ ৫০ লাখ পদপথৰ ব্যৱসায়ীক সাঙুৰি ঋণ প্রদানৰ এই ব্যৱস্থা বিগত ২০১৯ৰ জুনৰ পৰা কেন্দ্রীয় চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্রণালয়ে ৰূপায়ণ কৰি আহিছে যদিও অসমত আঁচনিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব নােপােৱাত আৰু আধাৰ কাৰ্ডৰ ব্যৱস্থা সূচল নােহােৱাৰ বাবে প্রথমাৱস্থাত ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হােৱা নাছিল ৰাজ্যৰ পদপথৰ ব্যৱসায়ীসকল।

তথ্য অনুসৰি এই আঁচনিৰ প্রথম পর্যায়ত অর্থাৎ প্রথমটো কিস্তিত ৯২,৮০৪ জনে যােগ্য আবেদনকাৰী বিবেচিত হৈছিল আৰু ইয়াৰে ভিতৰত ৫০,৮১৯ জন আবেদনকাৰীয়ে ঋণৰ অনুমােদন লাভ কৰাৰ উপৰি ৩৭,২০৭ জনে অনুমােদিত ঋণৰ ধন লাভ কৰে। সমান্তৰালভাৱে প্রথম পর্যায়ত ৭,৪৪৫ জন আবেদনকাৰী অযােগ্য বিবেচিত হৈছিল।

উল্লেখ্য যে এই আঁচনিৰ প্রথম পর্যায়ত মহানগৰীৰ যােগ্যতা অর্জন কৰা ১৯,১৭৮ জন আবেদনকাৰীৰ ভিতৰত ৯,৮৮৭ জনে অনুমােদন লাভ কৰাৰ সমান্তৰালভাৱে ৭,৩০৯ জনেহে ঋণৰ ধন লাভ কৰে। অৱশ্যে এই আঁচনিৰ প্রথম পর্যায়ত ভুৱা হিতাধিকাৰীৰ সংখ্যা নগণ্য যদিও এই আঁচনিৰ দ্বিতীয় পর্যায়ৰ আবেদনত বহু ভুৱা হিতাধিকাৰী অন্তর্ভুক্ত হােৱা বুলি অভিযােগ উত্থাপন কৰিছে সদৌ অসম পদপথ ব্যৱসায়ী সন্থাই।

সন্থাৰ সভাপতি চন্দন গােস্বামীয়ে অভিযােগ কৰা অনুসৰি সংশ্লিষ্ট বিভাগে নির্ধাৰিত টার্গেট পূৰণ কৰাৰ লক্ষ্যৰে পদপথৰ ব্যৱসায় নকৰা একাংশকো এই ঋণ প্রদান কৰিছে। এই ঋণ লাভত সন্থা বিৰােধী নহয়; কিন্তু নীতি বহির্ভূর্তভাৱে ঋণ কিদৰে দিব পাৰে বুলি প্রশ্ন উত্থাপন কৰি গােস্বামীয়ে কয় যে যিসময়ত এই আঁচনি মুকলি কৰা হৈছিল, সেই সময়ত এই আঁচনিৰ সুফল আদায় কৰিবলৈ পদপথৰ ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল।

সংশ্লিষ্ট বিভাগক বহুবাৰ সমস্যাসমূহ অৱগত কৰা হৈছিল যদিও কোনাে গুৰুত্ব আৰােপ নকৰাত ৰাজ্যখনৰ নগণ্য সংখ্যক পদপথৰ ব্যৱসায়ীহে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত এই আঁচনিৰে যাতে পদপথৰ ব্যৱসায়ীসকলে সুফল লাভ কৰে তাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ প্রদান কৰাৰ পাছতহে বিভাগে তৎপৰতা আৰম্ভ কৰে বুলি তেওঁ কয়।

ফলত মুখ্যমন্ত্ৰীৰ নির্দেৰ্শৰ পাছত সম্প্রতি পদপথত ব্যৱসায় নকৰা লােকক পদপথৰ ব্যৱসায়ী সজাই এই আঁচনিৰ হিতাধিকাৰী সজোৱা হৈছে বুলি গােস্বামীয়ে অভিযােগ তুলি প্রকৃত পদপথৰ ব্যৱসায়ীয়ে যাতে এই আঁচনিৰ সুফল লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট পক্ষক দাবী জনাইছে। উল্লেখ্য যে এই আঁচনিৰ দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১,২৯৪ জন আবেদনকাৰীয়ে যােগ্যতা লাভ কৰিছে আৰু ইয়াৰে ১,০২৩ জনে অনুমােদন আৰু ৮৮৩ জনে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version