এইবাৰ হোৱাইট হাউছত স্থান লাভ বাইডেনৰ ‘উইলো’ৰ

25VYZKNO7BAELN3EHCC4DLDMCE

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু মার্কিন ফার্স্ট লেডী জিল বাইডেনে হােৱাইট হাউছলৈ এটি নতুন পােয্য আনিলে। এই পোষ্যৰ নাম হৈছে উইলাে।

পেঞ্চিলভেনিয়াৰ পৰা বাইডেন পৰিয়ালে তেওঁলােকৰ এই নতুন পৰিয়ালৰ সদস্যক হােৱাইট হাউছলৈ আনিলে। উইলাে হৈছে এটা দুবছৰ বয়সীয়া মেকুৰী।

উল্লেখ্য যে ২০২০ নৱেম্বৰত বাইডেনৰ জয়লাভৰ পাছতে পত্নী জিলে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁলােকে হােৱাইট হাউছলৈ এটা মেকুৰী আনিব। অৱশ্যে বিশেষ কাৰণত এই পৰিকল্পনা জিলে পিছুৱাব লগা হৈছিল।

অৱশেষত জানুৱাৰীতে হােৱাইট হাউছত প্ৰৱেশ কৰিলে উইলােৱে। স্মর্তব্য যে ২০০৯ বৰ্ষৰ পাছত এয়ে প্রথমবাৰ হােৱাইট হাউছত প্ৰৱেশ কৰিলে মেকুৰীয়ে। বাইডেনৰ পূর্বে জর্জ ডব্লিউ বুশ্বৰ আমােলত হােৱাইট হাউছত ইণ্ডিয়া’ নামৰ এটা ক’লা ৰঙৰ মেকুৰী আছিল।

Exit mobile version