Cheslie Kryst : ৬০ তলাৰ পৰা পৰি মৃত্যু ৩০ বছৰীয়া ‘মিছ আমেৰিকাৰ’

ap22030836803721 custom f4626bd4125650d98be2fc0b33db8bd3e3b4b053 s1100 c50

img

২০১৯ চনৰ আমেৰিকাৰ শ্ৰেষ্ঠ সুন্দৰী খিতাপ জয়ী চেছলি ক্ৰাইষ্টৰ মৃত্যু । দেওবাৰে ৬০ তম মহলাৰ পৰা পৰি মৃত্যু হয় মডেলগৰাকীৰ । বিশ্ব সুন্দৰী হৰ্নাজ সান্ধুৱে ইনষ্টাগ্ৰামত চেছলিৰে স’তে এখন ফটোৰ শ্বেয়াৰ কৰি সমবেদনা প্ৰকাশ কৰে।

দেওবাৰে পুৱা সাত বজাত নিউয়ৰ্কৰ এটা ৬০ মহলীয়া এপাৰ্টমেণ্টৰ ছাদৰ পৰা বাগৰি পৰে চেছলি । ঘটনাস্থলীতে মৃত্যু হয় ৩০ বছৰীয়া মডেলগৰাকীৰ।

এপাৰ্টমেন্টটোৰ নৱম মহলাত বাস কৰে মডেলগৰাকী । আৰক্ষীয়ে সন্দেহ মিছ আমেৰিকাই আত্মহত্যা কৰিছে। অৱশ্যে, আৰক্ষীয়ে কৈছিল যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰাপ্ত হোৱাৰ আগতে একো নিশ্চিত কৰিব নোৱাৰি।

চেছলি এগৰাকী মডেল, আইনজীৱী, সাংবাদিক আৰু ফেশ্বন ব্লগাৰ। তেওঁৰ জন্ম মিচিগানত হৈছিল। তেওঁ দক্ষিণ কেৰোলিনাত ডাঙৰ-দীঘল হয়। আইন অধ্যয়ন কৰাৰ পাছত, তেওঁ এটা স্বেচ্ছাসেৱী সংগঠনৰ স’তে কাম কৰে।

Exit mobile version