সমাজকৰ্মী অক্ষয় শৰ্মাৰ বিয়োগ

d3551735 6ab4 4de7 9f63 23c75fa4fad4

পুৰণ ভৱানীপুৰ গাঁৱৰ বাসিন্দা বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি অক্ষয় শৰ্মা (৯৩)ৰ যোৱা সন্ধিয়া সাত বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে।

অক্ষয় শৰ্মা বৃহত্তৰ ভৱানীপুৰ সৰুপেটা অঞ্চলৰ সামাজিক ক্ষেত্ৰখনৰ উন্নয়নমূলক কামত জড়িত হৈ আজীৱন সমাজকৰ্মীৰূপে খ্যাত আছিল।

তেওঁ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি আৰু একালৰ নাট্যকৰ্মীৰূপেও পৰিচিত আছিল। মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী পুত্ৰ, চাৰিগৰাকী কন্যা,বোৱাৰী, জোঁৱাইকে ধৰি অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যোৱা অক্ষয় শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Exit mobile version